নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত কৃতী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ

🟢ৰাজ্যৰ ২৬৪খন বিদ্যালয়ত পিএমশ্রী আঁচনিৰ শুভাৰম্ভ

🟢শিক্ষার্থীসকল ভাৰতবর্ষৰ অমৃতকালৰ অমৃত সন্তান

🟢অহা বর্ষৰ পৰা পঞ্চম, অষ্টম আৰু দশম শ্রেণীৰ মুঠ ৩০ হাজাৰ শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বৃত্তি

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ ছাত্র-ছাত্রীসকলৰ শৈক্ষিক উত্তৰণৰ বতৰাৰে আজি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২৩ বর্ষৰ আনন্দৰাম বৰুৱা বঁটা প্রদান কৰাৰ লগতে পিএমশ্রী আঁচনিৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম চৰকাৰে শিক্ষার্থীসকলৰ মাজত প্রতিযোগিতাৰ মনোভাৱ বৃদ্ধি কৰাৰ লগতে তথ্য প্রযুক্তি শিক্ষাৰ সহায়ত আধুনিক জ্ঞানেৰে তেওঁলোকৰ ধ্যান-ধাৰণা সমৃদ্ধ কৰিবলৈ আনন্দৰাম বৰুৱা বঁটা আৰম্ভ কৰিছিল৷ পণ্ডিতপ্রবৰ আনন্দৰাম বৰুৱাৰ নামেৰে এই আঁচনিখন নামকৰণ কৰা হৈছে যাতে এইগৰাকী মহান অসমীয়াৰ আদর্শৰে ৰাজ্যৰ উঠি অহা প্রজন্মই শৈক্ষিক ক্ষেত্রত সফলতাৰে আগুৱাই যাব পাৰে৷ তেওঁ কয় যে ২০০৫ চনত এই আঁচনি আৰম্ভ হোৱাৰ পৰা যোৱা বছৰলৈকে ৪,১৩,৪০০গৰাকী শিক্ষার্থীয়ে আঁচনিখনৰ জৰিয়তে লাভান্বিত হৈছে৷ বর্তমান ছেৱাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰি উত্তীর্ণ হোৱা ছাত্র-ছাত্রীসকলক এই আঁচনিৰ অধীনত ধনৰাশি প্রদানৰ পদক্ষেপ গ্রহণ কৰা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে এই বছৰ এই বঁটাৰ অধীনত এখন মানপত্রৰ লগতে লেপটপ তথা কম্পিউটাৰ ক্রয় কৰিবলৈ বঁটা প্রাপক শিক্ষার্থীসকলক ১৫ হাজাৰ টকাকৈ প্রদান কৰা হৈছে৷ ৰাজ্যৰ ২৭১৮৩গৰাকী মেধাৱী শিক্ষার্থীৰ বেংক একাউণ্টলৈ এই ধনৰাশি প্রেৰণ কৰা হৈছে৷ তেওঁ আনন্দৰাম বৰুৱা বঁটাপ্রাপক প্রতিগৰাকী শিক্ষার্থীক অভিনন্দন জনোৱাৰ লগতে পণ্ডিতপ্রবৰগৰাকীৰ দৰে জ্ঞানৰ আলোকেৰে উদ্ভাষিত হৈ উঠাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি আনন্দৰাম বৰুৱাৰ জীৱন আৰু কর্মৰাজিৰ সম্পর্কে আলোকপাত কৰে৷ ৰাজ্যৰ শৈক্ষিক ক্ষেত্রলৈ নৱদিগন্তৰ উন্মেষ ঘটাই আজি শুভাৰম্ভ কৰা পিএমশ্রী আঁচনিখনৰ বিষয়ে বক্তব্য আগবঢ়াই মুখ্যমন্ত্রীয়ে কয় যে শৈক্ষিক ক্ষেত্রখন অধিক উদ্দীপনাময় কৰি তোলাৰ লগতে প্রতিগৰাকী শিক্ষার্থীয়ে যাতে উপযুক্ত যত্ন আৰু শিক্ষণৰ ভিন্ন অভিজ্ঞতা লাভ কৰে তথা আন্তঃগাঁথনি আৰু শিক্ষণৰ বাবে অনুকূল উপযুক্ত সম্পদ সকলো ছাত্র-ছাত্রীৰ বাবে উপলব্ধ হয় সেই লক্ষ্যৰে ভাৰত চৰকাৰে পিএমশ্রী অর্থাৎ প্রধানমন্ত্রী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া আঁচনিখন গ্রহণ কৰিছে৷ তেওঁ কয় যে এই আঁচনিখনৰ অধীনত ভাৰত চৰকাৰে ২০২৬-২৭ বর্ষলৈকে ২৭৩৬০ কোটি টকা প্রকল্প ব্যয়েৰে সমগ্র দেশৰ ১৪৫০০খনতকৈও অধিক বিদ্যালয় গঢ়ি তোলাৰ পদক্ষেপ লৈছে৷ অসমত আজি শুভাৰম্ভ হোৱা এই আঁচনিৰ প্রথম পর্যায়ত ২৬৪ খন বিদ্যালয় গ্রহণ কৰা হৈছে আৰু ২০২৩-২৪ বর্ষৰ বাবে ১২৭.৪৬ কোটি টকাৰ অনুমোদন জনোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই আঁচনিৰ অধীনত নির্বাচিত বিদ্যালয়সমূহে নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ সকলো উপাদান প্রদর্শন কৰি একোখন আদর্শ বিদ্যালয় হিচাপে নিজকে গঢ়ি তোলাৰ লগতে কাষৰীয়া অন্যান্য বিদ্যালয়সমূহক মেণ্টৰশ্বিপ প্রদান কৰিব৷ এই আঁচনিৰ অন্তর্গত বিদ্যালয়সমূহত পৰিৱেশ অনুকূল দিশসমূহ অন্তর্ভুক্ত কৰি সেউজ বিদ্যালয় হিচাপে বিকশিত কৰা হব৷ তেওঁ কয় যে বিদ্যালয়সমূহত গ্রহণ কৰা শিক্ষা অধিক অভিজ্ঞতাভিত্তিক, সামগ্রিক, সংহত, জ্ঞানান্বেষী, আৱিস্কাৰমুখী, শিক্ষার্থীকেন্দ্রিক, আলোচনাভিত্তিক, নমনীয় আৰু উপভোগ্য কৰি তোলা হব৷ তদুপৰি সকলো স্তৰতে মূল্যায়ন কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং বা ধাৰণাগত বুজাবুজি আৰু বাস্তৱ জীৱনত জ্ঞানৰ প্রয়োগ আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি কৰা হব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে শিক্ষার্থীসকল ভাৰতবর্ষৰ অমৃতকালৰ অমৃত সন্তান৷ ভাৰতবর্ষক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গ্রহণ কৰা দৃষ্টিভংগীৰ বাবে তেওঁ কৃতজ্ঞতা প্রকাশ কৰে৷ আজিৰ প্রতিযোগিতামুখী পৰিস্থিতিত নিজৰ দক্ষতা আৰু যোগ্যতা প্রমাণিত কৰিবলৈ বহুমুখী জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব প্রদান কৰিবলৈ মুখ্যমন্ত্রীয়ে শিক্ষার্থীসকলক আহ্বান জনায়৷ একেটা অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে অহা বর্ষৰ পৰা আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱর্তে আনন্দৰাম বৰুৱা বৃত্তি প্রদান কৰা হব৷ প্রতিবছৰে ৩০ হাজাৰ ছাত্র-ছাত্রীক এই বৃত্তি প্রদান কৰা হব৷ এই বৃত্তিৰ অধীনত পঞ্চম শ্রেণীৰ ১০ হাজাৰ ছাত্র-ছাত্রীক ১৫ হাজাৰ টকাকৈ আৰু অষ্টম শ্রেণীৰ ১০ হাজাৰ ছাত্র-ছাত্রীক ১৫ হাজাৰ টকাকৈ আগবঢ়াই সেই ধনৰাশি ফিক্সড্ ডিপজিট কৰা হব৷ তদুপৰি দশম শ্রেণীৰ ১০ হাজাৰ ছাত্র-ছাত্রীক এই বৃত্তিৰ অধীনত ১৫ হাজাৰ টকাকৈ নগদ ধন প্রদান কৰা হব৷ আনহাতে অভিযান্ত্রিক আৰু চিকিৎসা বিজ্ঞান আদিত নামভর্তিৰ সুবিধা লাভ কৰা ছাত্র-ছাত্রীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়সমূহৰ পৰা ৰিপর্ট কার্ড সংগ্রহ কৰা হব বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা বিভাগৰ অধ্যক্ষ ড০ ৰমেশ চন্দ্র জৈন, সমগ্র শিক্ষা অভিযান, অসমৰ মিছন সঞ্চালক ড০ ওমপ্রকাশ প্রমুখ্যে বিভিন্ন বিদ্যালয়ৰ প্রধান শিক্ষক, শিক্ষক, শিক্ষার্থী আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

#বাৰ্তা ডেস্ক

You might also like