নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৩ চেকেণ্ডত অৰ্পণাই চামুচত আঁকিলে বুদ্ধক

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ  সৰুৰে পৰা ছবি আঁকি ভাল পায় অৰ্পণাই। ঘৰৰ চাৰিওবেৰত বিভিন্ন চিত্ৰ অংকন কৰি দিছে শৈল্পিক মনৰ পৰিচয় দিছে অৰ্পণাই। চিত্ৰ অংকনেৰে বহু সন্মান আনিছে অৰ্পণাই। প্ৰথমতে অসম বুক অৱ ৰেকৰ্ডছ খিতাপ অৰ্জন কৰিছে। চামুছৰ মূৰত গৌতম বুদ্ধক অংকন অৰ্পণাই বৰাই। পৰৱৰ্তী সময়ত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ সন্মান লাভ কৰে অৰ্পণাই।

অৰ্পণা বৰাৰ ঘৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেঁকীয়াজুলিৰ বিষ্ণুপুৰত। বিজ্ঞান বিভাগৰ স্নাতক অৰ্পনাই বৰ্তমান লখিমপুৰ আজাদৰ DIET ত অধ্যয়নত। অৰ্পণাৰ পৰৱৰ্তী লক্ষ্য বিশ্ব অভিলেখ স্থাপন কৰা। যাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে অৰ্পণাই । অপৰ্ণাৰ এই সাফল্যত ভিতৰুৱা অঞ্চলটোৰ সকলোৱে গৌৰৱ অনুভৱ কৰিছে

 

You might also like