নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰন্থমেলাত দীপা বেজবৰুৱাৰ ‘ক্লাৰা আৰু আলেকজেন্দ্ৰাৰ দৃষ্টিৰে নাৰীমুক্তি’ উন্মোচন

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ গুৱাহাটী গ্ৰন্থমেলাৰ দ্বিতীয় দিনটোত ভিকি পাব্লিচাৰ্ছৰ বিপণীত উন্মোচন কৰা হয় প্ৰকাশক গোষ্ঠীটোৱে প্ৰকাশ কৰা দীপা বেজবৰুৱাৰ  ‘ক্লাৰা আৰু আলেকজেন্দ্ৰাৰ দৃষ্টিৰে নাৰীমুক্তি (নিৰ্বাচিত প্ৰবন্ধৰ ভাবানুবাদ)’ শীৰ্ষক পুথিখন।

সাংবাদিক মনমৰমী মহন্তই আঁত ধৰা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখক মইনা গোস্বামী, নাৰী আন্দোলনৰ কৰ্মী সুপৰ্ণা লাহিড়ী বৰুৱা, জ্যেষ্ঠ সাংবাদিক তপন কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উপস্থিত বিশিষ্ট ব্যক্তিসকলে দীপা বেজবৰুৱাৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে কিতাপখনৰ সাহিত্যিক আৰু সামাজিক মূল্যৰ ওপৰত অৱলোকন কৰে।

নাৰী মুক্তি সংগ্ৰামৰ এগৰাকী সক্ৰিয় কৰ্মী লেখিকা দীপা বেজবৰুৱাই কিতাপখনত সন্নিৱিষ্ট বিষয়বস্তুৱে শৈশৱৰ পৰাই তেওঁক প্ৰভাৱিত কৰা বুলি উল্লেখ কৰে। কিতাপখন পাঠকে আদৰি ল’লে তেওঁৰ কষ্ট সাৰ্থক হ’ব বুলি আশা প্ৰকাশ কৰে বেজবৰুৱাই।

You might also like