নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাটলাৰৰ অর্ধশতকেৰে জয় ৰাজস্থানৰ; ৭ উইকেটত পৰাস্ত ধোনী বাহিনী

নিয়মীয়া বাৰ্তা,  ২০ অক্টোবৰঃ ৰাজস্থান ৰয়েলছে চলিত আই পি এলত সোমবাৰে গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ আবু ধাবিত অনুষ্ঠিত ল’ স্ক’ৰিং মেচখনত জ’ছ বাটলাৰৰ অপৰাজিত অর্ধশতকৰ সহায়ত ৰাজস্থানে চেন্নাই ছুপাৰ কিংছক সাত উইকেটত পৰাস্ত কৰে৷ মেচখনত চেন্নায়ে জয়ৰ বাবে বান্ধি দিয়া ১২৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বাটলাৰৰ ৪৮ বলত অপৰাজিত ৭০ আৰু অধিনায়ক ষ্টিভেন স্মিথৰ অপৰাজিত ২৬ ৰানৰ সহায়ত ৰাজস্থানে ১৭.৩ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷

দলীয় স্ক’ৰ ২৮ ৰানতে অ’পেনাৰ বেন ষ্ট’কছ (১৯), ৰবীন উথাপ্পা (৪) আৰু সঞ্জু ছেমছন (০)ক হেৰুৱাই ৰাজস্থান বিপদত পৰিছিল৷ অৱশ্যে স্মিথ আৰু বাটলাৰে চতুর্থ উইকেটৰ যুটিত অপৰাজিতভাৱে ৯৮ ৰান সংগ্রহ কৰি দলৰ জয় নিশ্চিত কৰে৷ চেন্নাইৰ হৈ দীপক চহৰে দুটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আহি বেটিং বিপর্যয়ৰ সন্মুখীন হৈ চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অ’ভাৰত পাঁচটা উইকেট হেৰুৱাই ১২৫ ৰানহে কৰিবলৈ সক্ষম হয়৷ ৰাজস্থান ৰয়েলছৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত চেন্নাই ছুপাৰ কিংছৰ কোনো এজন বেটছমেনে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই সর্বাধিক অপৰাজিত ৩৫ ৰান কৰে৷

ইফালে, অধিনায়ক ধোনীয়ে ২৮ ৰান কৰাৰ লগতে অ’পেনাৰ ছাম কৰনে ২২ ৰানৰ অৰিহণা আগবঢ়ায়৷ আনগৰাকী অ’পেনাৰ ফাফ ডু প্লেচিছৰ লগতে শ্বেন ৱাটছন আৰু অম্বাটি ৰাইডু সম্পূর্ণৰূপে ব্যর্থ হয়৷ ডু প্লেচিছে ৯টা বলৰ সন্মুখীন হৈ এটা চাৰিৰে ১০ ৰান কৰাৰ বিপৰীতে ৱাটছনে তিনিটা বলত দুটা চাৰিৰে ৮ আৰু ৰাইডুৱে ১৯টা বলত দুটা চাৰিৰে ১৩ ৰান কৰে৷ মন কৰিবলগীয়া যে জাদেজাৰ ৩০টা বলৰ ইনিংছটোত আছিল চাৰিটা বাউণ্ডেৰী৷ ৰাজস্থান ৰয়েলছৰ হৈ জ’ফ্রা আর্চাৰ, কার্তিক ত্যাগী, সতীশ গোপাল আৰু ৰাহুল টেৱাটিয়াই এটাকৈ উইকেট লাভ কৰে৷

You might also like