নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত অসহায় পিতৃ-মাতৃৰ হিয়াভগা কান্দোন, দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : ঢকুৱাখনাৰ সোণাৰি চাপৰিৰ এহাল অসহায় পিতৃ-মাতৃ। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত পুত্ৰক লৈ অসহায় মাতৃৰ হিয়াভগা কান্দোন।

ঢকুৱাখনাৰ সোণাৰি চাপৰিৰ ভদ্ৰশীল বৈশ্য নামৰ ২৬ বছৰীয়া যুৱকজন আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত। উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন কেইবালক্ষ টকাৰ। আপোনাৰ অলপ সহায়ে নতুন জীৱন দিব ভদ্ৰশীল বৈশ্যক।

ভদ্ৰশীল বৈশ্যক সহায়ৰ বাবে 6003230277 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পিতৃ-মাতৃয়ে । কোনো সদাশয় ব্যক্তিয়ে সহায় আগবঢ়াব বিচাৰিলে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ একাউণ্ট নম্বৰ 006010014475, IFSC-IPOS0000001ত সহায় কৰিব পাৰিব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like