নেপাল চৰকাৰৰ কঠোৰ পদক্ষেপ : ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবক নিষিদ্ধ ঘোষণা
নেপালে ফেচবুক, ইনষ্টাগ্ৰাম আৰু এক্সকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই প্লেটফৰ্মসমূহে সাত দিনৰ ভিতৰত নেপালৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ত পঞ্জীয়ন কৰোৱাৰ কথা আছিল, কিন্তু সেইটো কৰাত ব্যৰ্থ হৈছিল। মন্ত্ৰালয়ে কোম্পানীসমূহৰ বাবে পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ ২৮ আগষ্টৰ পৰা ৭ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। বুধবাৰে নিশা এই সময়সীমা শেষ হৈছিল। বিষয়াসকলে জনোৱা মতে, নিষেধাজ্ঞা তৎকালীনভাৱে সমগ্ৰ দেশত প্ৰযোজ্য হ’ব আৰু মন্ত্ৰালয়ে সংশ্লিষ্ট কোম্পানীসমূহলৈ পত্ৰ প্ৰেৰণ আৰম্ভ কৰিছে। চৰকাৰে ইতিমধ্যে নিয়ম পালন নকৰা প্লেটফৰ্মসমূহক নিলম্বনৰ সতৰ্কবাণী দিছিল।
এতিয়ালৈকে টিকটক, ৱীটক, ভাইবাৰ আৰু নিম্বাজৰ দৰে প্লেটফৰ্ম নেপালত পঞ্জীয়নভুক্ত হৈছে। ইফালে, টেলিগ্ৰাম আৰু গ্ল’বেল ডায়েৰী পঞ্জীয়ন প্ৰক্ৰিয়াত আছে, কিন্তু মেটা (ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ মূল কোম্পানী), এলফাবেট (ইউটিউব), এক্স, ৰেডিট বা লিংকডইনৰ দৰে কোনো প্ৰধান প্লেটফৰ্মে এতিয়ালৈকে আবেদন জমা দিয়া নাই। নেপালৰ বিষয়াসকলৰ মতে, প্লেটফৰ্মসমূহে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় নিয়ম পালন কৰাৰ পিছত সেৱাসমূহ পুনৰ আৰম্ভ কৰিব পাৰিব।
মন্ত্ৰালয়ৰ জাননীত কোৱা হৈছে, “মাননীয় উচ্চতম ন্যায়ালয়ে আদালতৰ অৱমাননাৰ এটা গোচৰত নেপাল চৰকাৰৰ নামত এটা নিৰ্দেশাত্মক আদেশ জাৰি কৰিছে, য’ত দেশীয় বা বিদেশী মূলৰ অনলাইন আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক কাৰ্যকৰী হোৱাৰ পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বাধ্যতামূলকভাৱে তালিকাভুক্ত কৰিবলৈ আৰু অবাঞ্ছিত বিষয়বস্তুৰ মূল্যায়ন আৰু নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।”
জাননীত আৰু কোৱা হৈছে যে আদেশ অনুসৰি, সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মক তালিকাভুক্ত কৰাৰ বাবে ৭ দিনৰ সময়সীমা দিয়া হৈছিল। নেপাল দূৰসঞ্চাৰ প্ৰাধিকৰণক নেপালৰ ভিতৰত সেই ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ নিষ্ক্ৰিয় কৰাৰ নিৰ্দেশ দিয়া হৈছে, যিবোৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তালিকাভুক্ত হ’বলৈ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰা নাছিল। মন্ত্ৰালয়ে বৃহস্পতিবাৰে মধ্যৰাতিৰ পৰা প্লেটফৰ্মসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে। মুখপাত্ৰ গজেন্দ্ৰ কুমাৰ ঠাকুৰে কৈছে যে পঞ্জীয়ন সম্পূৰ্ণ কৰা যিকোনো প্লেটফৰ্মক সেই দিনাই পুনৰ আৰম্ভ কৰা হ’ব।
Niyomiya Barta Desk, 5 September