নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বিশ্বকাপৰ মেচ চাবলৈ কম দামতে সংগ্ৰহ কৰক টিকট

১২ বছৰৰ পিছত ভাৰতে মহিলা এদিনীয়া বিশ্বকাপৰ আয়োজনৰ বাবে প্ৰস্তুত হৈছে। ৩০ ছেপ্টেম্বৰত ভাৰতীয় দল আৰু শ্ৰীলংকা দলৰ মাজত প্ৰথম মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ইয়াত এক ভৱ্য উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব, য’ত শ্ৰেয়া ঘোষালে তেওঁৰ কণ্ঠৰ যাদু প্ৰদৰ্শন কৰিব। উদ্বোধনী মেচৰ সৈতে ৰাউণ্ড-ৰবীন পৰ্যায়ৰ সকলো মেচৰ টিকট অনলাইনত উপলব্ধ হৈছে।

টিকট বুক কৰিবলৈ ইয়াত কৰক Click

আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ আয়োজক হৈছে ভাৰত, আনহাতে পাকিস্তানে তেওঁলোকৰ সকলো মেচ শ্ৰীলংকাৰ কলম্বোত খেলিব। ভাৰত বনাম পাকিস্তানৰ মেচো কলম্বোতেই অনুষ্ঠিত হ’ব। মুঠ ৫টা ভেন্যুত টুৰ্ণামেণ্টৰ সকলো মেচ খেলা হ’ব। যদি ফাইনেলত পাকিস্তানে প্ৰৱেশ কৰে, তেন্তে খিতাপৰ যুঁজো শ্ৰীলংকাতেই হ’ব।

বিশ্বকাপৰ মেচৰ বাবে টিকটৰ বিক্ৰী অনলাইনত আৰম্ভ হৈছে। ষ্টেডিয়ামত অনুৰাগীৰ ভিৰ দেখা যাব। কাৰণ সৰ্বনিম্ন মূল্যৰ টিকট মাত্ৰ ১০০ টকাত উপলব্ধ। ষ্টেডিয়ামৰ অধিকাংশ ষ্টেণ্ডৰ মূল্য এইটোৱেই হ’ব। আই চি চিয়ে আনুষ্ঠানিকভাৱে জনাইছে যে টিকটৰ মূল্য ১.১৪ আমেৰিকান ডলাৰ (১০০ টকা), যাৰ অনলাইন বিক্ৰী আৰম্ভ হৈছে।

Tickets.Cricketworldcup.comৰ জৰিয়তে আপুনি গুগল-পেৰ মাধ্যমেৰে টিকট বুক কৰিব পাৰে। এইটোৱে আপোনাক BookMyShow ৱেবছাইটৰ লিংকলৈ লৈ যাব। ইয়াত পাঁচটা ষ্টেডিয়ামৰ বিকল্প দিয়া হৈছে। আপুনি যি ভেন্যুত মেচ চাব বিচাৰে, তাৰ ওপৰত ক্লিক কৰিব লাগিব। তাৰ পিছত সেই ভেন্যুত অনুষ্ঠিত হ’বলগীয়া সকলো মেচৰ টিকট আপোনাৰ সন্মুখত দেখা যাব। আপুনি যি মেচৰ টিকট বুক কৰিব বিচাৰে, তাৰ ওপৰত গৈ ‘Book Now’ত ক্লিক কৰক। তাৰ পিছত আপোনাৰ সন্মুখত বিকল্প আহিব আৰু আপুনি টিকট বুক কৰিব পাৰিব। ইয়াৰ বাবে আপুনি প্ৰথমে ছাইন-আপ কৰিব লাগিব।

কেতিয়া, কিমান সময়ত আৰু কত অনুষ্ঠিত হব খেল, জানিবলৈ কৰক ইয়াত Click

অনলাইন টিকটৰ বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। ইয়াত গুগল-পে ব্যৱহাৰকাৰীসকলৰ বাবে ৪ দিনৰ প্ৰি-চেল উইণ্ড’ আছে, যিটো ৮ ছেপ্টেম্বৰলৈ চলিব। দ্বিতীয় পৰ্যায়ৰ ৰাজহুৱা বিক্ৰী ৯ ছেপ্টেম্বৰৰ ৰাতি ৮ বজাৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত কেৱল গুগল-পে ব্যৱহাৰকাৰীসকলেহে ৰাউণ্ড-ৰবিন মেচৰ টিকট বুক কৰিব পাৰিব। দ্বিতীয় পৰ্যায়ত লীগ মেচৰ টিকট সকলোৱে বুক কৰিব পাৰিব, যিটো মঙলবাৰে, ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব।

টিকটৰ বাবে ইয়াত ক্লিক কৰক

বিশ্বকাপৰ মেচ অনুষ্ঠিত হ’ব এই ৫খন ষ্টেডিয়ামত

  • ডি ৱাই পাটিল ষ্টেডিয়াম (নৱী মুম্বাই)
  • অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম (গুৱাহাটী)
  • এ চি এ-ভি ডি চি এ ষ্টেডিয়াম (বিশাখাপট্টনম)
  • হোল্কাৰ ষ্টেডিয়াম (ইন্দোৰ)
  • আৰ প্ৰেমদাসা ষ্টেডিয়াম (কলম্বো)

মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ত অংশগ্ৰহণকাৰী দল

  • ভাৰত
  • অষ্ট্ৰেলিয়া
  • ইংলেণ্ড
  • নিউজিলেণ্ড
  • দক্ষিণ আফ্ৰিকা
  • শ্ৰীলংকা
  • বাংলাদেশ
  • পাকিস্তান

ৰাউণ্ড-ৰবিন পৰ্যায়ত সকলো দলে প্ৰত্যেক দলৰ সৈতে এখন এখন মেচ খেলিব, মুঠ ২৮খন মেচ হ’ব। ইয়াৰ পিছত পইণ্ট তালিকাৰ শীৰ্ষ ৪টা দল ছেমিফাইনেলত প্ৰৱেশ কৰিব আৰু বাকী দলসমূহ বাহিৰ হৈ যাব।

Niyomiya Barta Desk, 5 September

You might also like