নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাখীবন্ধন উপলক্ষে ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বিশেষ কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ আজি ৰাখিবন্ধন উপলক্ষে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰৰ উদ্যোগত বিভিন্ন কাৰ্য্যসূচী ৰূপায়িত হয়।। আজি ১১টা মান বজাত চহৰখনৰ বালুৰচৰস্থিত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জলস্কন্ধ বিভাগৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক বিশেষ কাৰ্য্যসূচীত সংগঠনটোৰ মহিলা সদস্যাসকলে উপস্থিত বিএছএফৰ বিষয়া–জোৱানসকলক ৰাখী পিন্ধাই তেওঁলোকৰ সুসাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। ভাৰত মাতা পূজনৰে আৰম্ভ হোৱা সেই কাৰ্য্যসূচীৰ আৰম্ভণিতে আজিৰ ৰাখী–পূৰ্ণিমাৰ দিনটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ সভাপতি দিৱস অধিকাৰীয়ে। সভাখনত বিএছঅফৰ চিইঅ’ (CEO) এইচ ৰামে নিজ গৃহৰ পৰা বহু দূৰত কৰ্তৱ্যত নিয়েজিত হৈ থকা বিএছএফৰ জোৱানসকলক ৰাখী পিন্ধাবলৈ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে লোৱা এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে। আনহাতে দুপৰীয়া ১টা মান বজাত ধুবুৰীস্থ আৰক্ষী ছাউনিৰ প্ৰেক্ষাগৃহতো সংগঠনটোৰ উদ্যোগত ৰাখীবন্ধনৰ আন এটা কাৰ্য্যসূচী অনুষ্ঠিত হয়। এই কাৰ্য্যসূচীত সপত্নীক জিলাখনৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ, উপ–আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাকে ধৰি উপস্থিত আৰক্ষীৰ অন্যান্য বিষয়া, কনিষ্টিব’ল আৰু বেটেলিয়নৰ জোৱানসকলক সংগঠনটোৰ মহিলা সদস্যাসকলে বিভিন্ন পৰম্পৰাৰ মাজেৰে ৰাখী পিন্ধায়। অনুষ্ঠানটোত দিয়া নিজৰ চমু ভাষণত আৰক্ষী অধীক্ষক গুৰাৱে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে লোৱা আজিৰ ৰাখীবন্ধনৰ কাৰ্য্যসূচীৰ বাবে ধন্যৱাদ জ্ঞাপন কৰে। ল’গতে আৰক্ষী বিষয়াগৰাকীয়ে উপস্থিত মহিলাসকলক নিজৰ নিজৰ অঞ্চলৰ যিকোনো ধৰণৰ অপৰাধমূলক কাৰ্য্যকলাপকে ধৰি ‘‘ইভ টিজিং’ৰ দৰে সমস্যাৰ সন্মুখীন হ’লে পোনে পোনে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈও অনুৰোধ জনায়। অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনেৰে আৰক্ষী ছাউনিৰ প্ৰেক্ষাগৃহত আয়েজিত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাখীবন্ধনৰ আজিৰ সেই বিশেষ কাৰ্য্যসূচীৰ অন্ত পৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like