আজি পুৱাৰ ভাগত নাহৰকটীয়াৰ ৰাজীৱ ভৱনৰ সন্মুখত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।এই দুৰ্ঘটনাত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত হয় এজন যুৱক। নিহত যুৱকজন জয়পুৰৰ সুৰজিৎ খাকলাৰী বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, নিহত যুৱক সুৰজিতে দেওবাৰে পুৱাৰ ভাগত নাহৰকটীয়া ৰাজীৱ ভৱনৰ কাষৰ এটা গেৰেজত নিজৰ স্কুটীখন মেৰামতি কৰোৱাই আছিল। ঠিক তেনে সময়তে পথৰ কাষলৈ ওলাই যোৱা সুৰজিতক নাহৰকটীয়াৰ দিশৰ পৰা আহি থকা এখন তীব্ৰ বেগী ডাম্পাৰে মহটিয়াই নিয়াত থিতাতে নিহত হয়। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা AS-23CC-8209 নম্বৰৰ ডাম্পাৰখন জব্দ কৰাৰ লগতে চালক জীতেন পাহাৰীয়াক আৰক্ষীয়ে আটক কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন দুলীয়াজানৰ বদৰী ৰায় কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ বুলি জানিব পৰা গৈছে।
স্মৰণীয় যে সুৰজিত খাকলাৰীৰ পত্নীয়েও প্ৰায় ছমাহ পূৰ্বে নাহৰকটীয়াত ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱাব লগা হৈছিল। দুখৰ কথা যে মাত্ৰ ছমাহৰ ভিতৰতে পত্নীৰ পিছতে নিজেও মৃত্যুক সাবটি লোৱা সুৰজিতে দুটা এমা-ডিমা সন্তান এৰি যায়।
বিশেষ বাৰ্তা, নাহৰকটীয়া, ১১ জানুৱাৰী :