নিউজ ডেস্ক, ১১ জানুৱাৰী : ২০২৫ বর্ষৰ মে’ মাহত অযোধ্যাৰ পৰা ফৈদাবাদত সংযুক্ত কৰা ১৪ কিলোমিটাৰ দৈর্ঘ্যৰ ৰাম পথৰ কাষত সুৰা বা আমিষ খাদ্য বিক্রী কৰাত নিষেধাজ্ঞা জাৰি কৰিছে অযোধ্যা পৌৰসভাই৷ বহু বিক্রেতাই এই নির্দেশনা মানি নচলাৰ লগতে অনলাইনযোগেও নিষিদ্ধ সামগ্রী যোগান ধৰাৰ অভিযোগ লাভ কৰাৰ পিছতে এইবাৰ কঠোৰ হৈ পৰিছে অযোধ্যা পৌৰসভা কর্তৃপক্ষ৷
প্রশাসনৰ বিষয়াসকলে জনোৱা মতে, মন্দিৰৰ ১৫ কিলোমিটাৰ ব্যাসার্ধৰ পঞ্চকোষী পৰিক্রমাৰ একাংশ হোটেলে গ্রাহকক সুৰা আৰু আমিষ খাদ্য যোদান ধৰি আহিছে৷ বহুতে অনলাইনযোগেও এনে খাদ্য যোগান ধৰি পৌৰসভাৰ নির্দেশনা অমান্য কৰিছে৷ প্রশাসনে ভৱিষ্যতে এনে আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ সকীয়নি দিছে৷