নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলিট ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনাৰ স্বর্ণ পদক

ডিজিটেল ডেস্ক, ১১ জানুৱাৰী : স্বর্ণ জয় কৰি ৰাজ্যবাসীক নৱবর্ষৰ উপহাৰ দিলে তাৰকা মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে৷ উত্তৰ প্রদেশৰ গ্রেটাৰ নয়দাৰ গৌতম বুদ্ধ ইউনিভার্ছিটীত সামৰণি পৰা এলিট পুৰুষ–মহিলা ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপত স্বর্ণ পদক জয় কৰি উজলি উঠিল টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক দখল কৰি ইতিহাস ৰচনা কৰা লাভলীনা৷

মহিলা শাখাৰ ৭৫ কেজিৰ ফাইনেল মেচখনত লাভলীনাই ৰে’লৱেৰ চানামাচা চানু থ’কচ’মক পৰাস্ত কৰি শ্রেষ্ঠত্ব অর্জন কৰে৷ মেচখনত অসম কন্যা লাভলীনাই ৰে’লৱেৰ প্রতিদ্বন্দ্বীগৰাকীক প্রত্যাহ্বান জনোৱাৰ কোনো সুযোগেই দিয়া নাছিল৷ একপক্ষীয় মেচখনত লাভলীনাই ৰে’লৱেৰ প্রতিদ্বন্দ্বীগৰাকীক ৫–০ ব্যৱধানত পৰাস্ত কৰি স্বর্ণ পদক দখল কৰে৷

পুৰুষ আৰু মহিলা বক্সাৰৰ মাজত সমান্তৰালভাৱে প্রথমবাৰৰ বাবে অনুষ্ঠিত প্রতিযোগিতাখনত অসমে তিনিটা পদক অর্জন কৰিবলৈ সক্ষম হয়৷ লাভলীনাৰ উপৰি অসমৰ আন দুগৰাকী প্রতিভাৱান বক্সাৰ অংকুশিতা বড়ো আৰু গীতিমণি গগৈয়ে ব্রঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়৷ অংকুশিতাই শুকুৰবাৰে হৈ যোৱা ৫৪–৬০ কেজি শাখাৰ ছেমিফাইনেলত ৰে’লৱেৰ প্রিয়াৰ হাতত পৰাস্ত হৈ ব্রঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে গীতিমণিয়ে ৬৫–৭০ কেজিৰ ছেমিফাইনেলত সর্বভাৰতীয় পুলিচৰ স্নেহাৰ হাতত পৰাস্ত হৈ ব্রঞ্জৰ পদক লাভ কৰিছিল৷

You might also like