নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলিভিয়াৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

ডিজিটেল ডেস্ক, ৯ নৱেম্বৰ : শনিবাৰে বলিভিয়াৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ পাজ পেৰেইৰাই শপতগ্ৰহণেৰে দায়িত্বভাৰ গ্ৰহণ কৰে। ভাৰতবৰ্ষৰ হৈ উক্ত অনুষ্ঠানত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে আৰু ৰাষ্ট্ৰপতি পেৰেইৰাক ভাৰত তথা ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই বলিভিয়াত ভাৰতীয় দূতাৱাস উদ্বোধন কৰাৰ লগতে কেইবাখনো চৰকাৰী বৈঠকত অংশগ্ৰহণ কৰে। বলিভিয়াৰ নতুন ভাৰতীয় দূতাৱাসত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰো মন্ত্ৰীগৰাকীৰ উপস্থিতিত উদযাপন কৰা হয়।

You might also like