নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববি:ৰ নামভৰ্তি-হোষ্টেল মেছ মাচুল সন্দৰ্ভত শিক্ষামন্ত্ৰীক স্মাৰক-পত্ৰ এবিভিপিৰ

বিশেষ বাৰ্তা, ৩১ মে’ : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী বিশ্ববিদ্যালয় গোটে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ভৰ্তি মাচুল ওভতাই দিবলৈ দাবী জনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুক সাক্ষাৎ কৰি এখন পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে ২ লাখ টকাতকৈ কম উপাৰ্জনৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰাৰ ঘোষণা কৰি অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী নামৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ এখন জাননী জাৰি কৰি এই বিষয়ে অৱগত কৰিছিল। সেই জাননীৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষয়ো নামভৰ্তিৰ সময়ত লোৱা মাচুলসমূহ ওভতাই দিয়া হ’ব বুলি এখন জাননী জাৰি কৰিছিল। কিন্তু বৰ্তমানলৈকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। ইয়াৰ উপৰি বিশ্ববিদ্যালয়খনৰ হোষ্টেলত থকা বহুতো ছাত্ৰ-ছাত্ৰীয়ে আজিকোপতি নিয়মিতভাৱে চৰকাৰৰ পৰা পাব লগা হোষ্টেল মেছৰ মাচুল পাবলৈ সক্ষম হোৱা নাই, যাৰ ফলত বিশ্ববিদ্যালয়খনৰ হোষ্টেলত‌ থকা বহুসংখ্যক ছাত্ৰ-ছাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা শিক্ষামন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদানৰ সময়ত এবিভিপি অসম প্ৰদেশৰ ৰাজ্যিক যুটীয়া সম্পাদিকা তথা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক নীহাৰিকা দেৱী, গুৱাহাটী মহানগৰৰ সম্পাদক স্বপ্ননীল হালৈকে প্ৰমুখ্য কৰি বহুকেইজন এবিভিপিৰ কাৰ্যকৰ্তা উপস্থিত থাকে।

You might also like