নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰং কলেজত এবিভিপিৰ ভোটাৰ সজাগতা অভিযান

🎯বিশ্বগুৰু ভাৰত-এখন সুৰক্ষিত অসমৰ স্বাৰ্থত ১০০% ভোটদান কৰক: হেৰল্ড মহন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসম প্ৰদেশৰ দ্বাৰা আগন্তুক লোকসভা নিৰ্বাচনত ১০০ শতাংশ ভোটদান সজাগতা অভিযানৰ পোষ্টাৰ, ষ্টীকাৰ আৰু প্ৰচাৰ পত্ৰিকা আজি অসমৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত মুকলি কৰা হয়। ১০০% ভোটদানৰ এই সজাগতা অভিযানৰ সন্দৰ্ভত আজি ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰিবলৈ বিদ্যাৰ্থী পৰিষদ দৃঢ় প্ৰতিজ্ঞাবদ্ধ । বিদ্যাৰ্থী পৰিষদে অসমৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদত নতুন ভোটাৰ সকলক নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান কৰিব আৰু সমগ্ৰ ৰাজ্যত দুহাজাৰতকৈও অধিক সজাগতা অভিযানৰ আৰম্ভণ কৰিছে। অসমৰ প্ৰায় সকলো প্ৰান্তৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ চৌহদত এবিভিপিয়ে ভোটাৰসকলক ভোটদানৰ বাবে সজাগ কৰিবলৈ বিভিন্ন ধৰনৰ কাৰ্যসূচীৰ ৰূপায়ন কৰিছে। দৰং মহাবিদ্যালয়, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, ছিপাঝাৰ মহাবিদ্যালয়, ধেমাজি মহাবিদ্যালয়, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, কেচি দাস কমাৰ্চ কলেজ আদিত ভোটৰ সজাগতাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহন কৰা হয়। আজি সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি পাইছে। আজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনৈতিক মহাশক্তি হিচাপে গঢ় লৈছে।‌ বৰ্তমান সময়ত আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী ভাৰতৰ বাবে দেশৰ যুৱক-যুৱতীসকলে কেৱল চাকৰি পিছতেই নহয় ষ্টাৰ্টআপ উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আজিৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক- যুৱতীসকলে দেশৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰি ১০০ শতাংশ ভোটদান কৰক।দেশৰ ঐক্য আৰু অখণ্ডতা অক্ষত ৰখাৰ কাম কেৱল এখন শক্তিশালী আৰু সুস্থিৰ চৰকাৰেহে কৰিব পাৰিব। ভাৰতৰ পৰম্পৰা,সংস্কৃতি, ভাৰতবৰ্ষক আৰু অধিক শক্তিশালী কৰিবলৈ হ’লে আমি এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি ১০০ শতাংশ ভোটদান কৰাৰ প্ৰয়োজন। ভাৰতবৰ্ষত ভাৰতকেন্দ্ৰিক শিক্ষাৰ ব্যৱস্থাৰ বাবে বিদ্যাৰ্থী পৰিষদে দাবী জনাই আহিছে তাৰেই ফলস্বৰূপে বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষা নীতি অনা হৈছে আৰু ইয়াক দেশৰ শিক্ষাব্যৱস্থাত অতিশীঘ্ৰে ৰূপায়ন কৰাৰ প্ৰয়োজন। আজি অসমীয়া আৰু ভাৰতীয় পৰম্পৰাৰ ধ্বজাবাহক ঐতিহ্যপূৰ্ণ স্থান সমূহ অবৈধ অনুপ্ৰবেশকাৰীৰ দখলত, অসমৰ এনে ঐতিহাসিক স্থান সমূহ বেদখল মুক্ত কৰি তাৰ ঐতিহ্য সংৰক্ষণ কৰিবলৈ আজিৰ যুৱ প্ৰজন্মই ১০০ শতাংশ ভোটদান কৰাৰ প্ৰয়োজন। সেয়ে আজিৰ যুৱ প্ৰজন্মক বিদ্যাৰ্থী পৰিষদে এখন সমৃদ্ধিশালী আৰু বিকশিত ভাৰতবৰ্ষৰ বাবে আৰু এখন সুৰক্ষিত অসমৰ বাবে ভোট দান কৰিবলৈ আহ্বান জনায়।

You might also like