নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয়নগৰত আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তৰ পলায়ন

ডিজিটেল ডেস্ক, ২ ফেব্রুৱাৰী : কামৰূপ জিলাৰ বিজয় নগৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছে পশ্চিমবংগৰ শংকৰ গোৱালা নামৰ এজন অভিযুক্তই৷ পলাশবাৰী থানাৰ অধীনত ৰুজু হোৱা ৩১২/২৫ নম্বৰ গোচৰৰ অভিযুক্ত গোৱালাৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ডেৰ মাহৰ পিছতো পলাতক অভিযুক্তৰ সম্ভেদ পোৱা নাই৷

শংকৰ গোৱালাৰ বায়েক কাজৰী গোৱালাই জানিবলৈ দিয়া মতে, যোৱা ১১ ডিচেম্বৰত উক্ত গোচৰৰ অভিযুক্ত পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ফটাপুকুৰ গাঁৱৰ শংকৰ গোৱালাক বিজয় নগৰ আৰক্ষীয়ে আটক কৰি মির্জা স্বাস্থ্য উপকেন্দ্রলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ গৈছিল৷ সেই সময়তে অভিযুক্ত ব্যক্তিজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে৷

ঘটনা সন্দর্ভত পৰিয়ালৰ লোকে বিজয় নগৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে যদিও আৰক্ষীয়ে তেওঁৰ সন্ধান উলিয়াব পৰা নাই বুলি পৰিয়ালৰ লোকক জনায়৷ ইপিনে, এই ব্যক্তিজনৰ সন্ধান দিওঁতালৈ পৰিয়ালৰ হৈ অভিযুক্তৰ বায়েক কাজৰী গোৱালাই ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে৷ কোনো লোকে ব্যক্তিজনৰ সম্ভেদ পালে পৰিয়ালৰ সৈতে ৮২৯৩২–৯২৯৭৩ অথবা ৯৯৩৩৪–০১১৯২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়৷

You might also like