তিনিচুকীয়াত চাঞ্চল্য, ছুৰিকাঘাতত মৃত্যু এজন লোকৰ
তিনিচুকীয়াৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ১নং বৰহোলোং ন-গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ১নং বৰহোলোং ন-গাঁৱৰ বাসিন্দা বিদ্যাধৰ সোণোৱাল (৫৮) নামৰ এজন লোকক অচিনাক্ত দুৰ্বৃত্তই ছুৰিকাঘাত কৰি হত্যা কৰাৰ অভিযোগ উঠিছে।
প্ৰাথমিক তথ্য অনুসৰি, নিশাৰ ভাগত লোকজনক হত্যা কৰি পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পাই বৰডুমচা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
কোনে আৰু কি কাৰণে লোকজনক হত্যা কৰিলে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ স্থানীয় লোকসকলে দাবী জনাইছে।
ডিজিটেল ডেস্ক, ২ ফেব্ৰুৱাৰী