গহপুৰ আৰক্ষীৰ সফলতা, মাৰণাস্ত্ৰসহ ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
গহপুৰ আৰক্ষীয়ে এক বিশেষ অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আজি পুৱতিনিশা সোলেঙীৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানত অবৈধ মাৰণাস্ত্ৰসহ ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
অভিযানকালত আৰক্ষীয়ে ৰাছিয়াত নিৰ্মিত ৪টা পিষ্টল আৰু এখন বাহন জব্দ কৰে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে— কুৰুং কুমেৰ হিবা ভাই, হিবা ডেনিয়েল, ডংদা চাগিট আৰু কন লিনডুম।
জানিব পৰা মতে, গহপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰৰ নিৰ্দেশনাত আৰু গহপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শশধৰ কলিতাৰ নেতৃত্বত এই অভিযান চলোৱা হয়। সঠিক গোচৰ তথ্যৰ আধাৰত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত বাহনখন ৰখাই তালাচী চলাই এই মাৰণাস্ত্ৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাটোক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে এই চক্রটোৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰু অবৈধ অস্ত্ৰ সৰবৰাহৰ পিছে কোন ডাঙৰ নেটৱৰ্ক আছে সেই দিশতো অনুসন্ধান চলাই আছে।
ডিজিটেল ডেস্ক, ২ ফেব্ৰুৱাৰী