নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ বিধানসভা নিৰ্বাচন : প্ৰথম পৰ্যায়ত ১২১টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : আজি পুৱাৰে পৰা আৰম্ভ হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১৮খন জিলাৰ ১২১টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। বিহাৰৰ ৩.৭৫ কোটিতকৈও অধিক ভোটদাতাই প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু সন্ধিয়া ৬ বজালৈকে চলিব এই ভোটগ্ৰহণ। প্ৰথম কেইঘণ্টাত ভোটদানৰ হাৰ কম হ’লেও ক্ৰমান্বয়ে ভোটদানৰ হাৰ বৃদ্ধি পাবলৈ ধৰে ৰাজ্যখনত। তথ্য মতে, পুৱা ১১ বজালৈ ২৭%তকৈও অধিক ভোটগ্ৰহণ সম্পন্ন হৈছে ৰাজ্যখনত।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণতে মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ ভাগ্য নিৰ্ণয় হ’ব। ২০১৫ৰ পৰা ৰঘুপুৰ সমষ্টিৰ পৰা জয়ী হৈ অহা তেজস্বী যাদৱে এইবাৰো উক্ত সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

তদুপৰি তেজস্বী যাদৱৰ ককায়েক তেজ প্ৰতাপে আৰজেডি ত্যাগ কৰি গঠন কৰা জনশক্তি জনতা দলৰ পৰা বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণতে তেওঁৰো ভাগ্য বন্দী হ’ব।

বিজেপিত যোগদান কৰি প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী হোৱা মৈথিলী গায়িকা মৈথিলী ঠাকুৰে আলিনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ১১ নৱেম্বৰত ১২২টা সমষ্টিত অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব।

You might also like