বিশ্বনাথৰ বাঘমাৰীত বেদখলকাৰীৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ বুলড’জাৰ। অঞ্চলটোৰ প্ৰায় ২৬৫ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে আজি পুৱাৰে পৰা অঞ্চলটোত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান।
জিলাখনৰ নিজ বাঘমাৰীৰ ৪৩৩টা বেদখলকাৰী পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল যদিও উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ বাবে মুঠ ৬৮ পৰিয়ালক এই উচ্ছেদৰ পৰা সাময়িকভাৱে ৰেহাই দিয়া হয়।
আজি জেচিবি, বৃহৎ আৰক্ষী বাহিনী লৈ অঞ্চলটোত উচ্ছেদ অভিযান আৰম্ভ কৰে প্ৰশাসনে।উচ্ছেদৰ বাবে ৫টা জ’নত ভাগ কৰা হৈছে সমগ্ৰ অঞ্চল। বিশ্বনাথ জিলাৰ বাঘমৰা মৌজাৰ গো চৰণীয়া পথাৰৰূপে চিহ্নিত ১৮৯ আৰু ২০৩ দাগত এই উচ্ছেদ অভিযান চলিব। অতিৰিক্ত আয়ুক্ত অসীম বুঢ়াগোহাঁই আৰু বিহালী সমজিলা আয়ুক্ত প্ৰভাত পেগুৰ নেতৃত্বত নিয়োগ কৰা হৈছে চৰকাৰী বিষয়া-কৰ্মচাৰী ৷
ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ :