২০১৯ চনৰ ক’ভিড মহামাৰীৰ পিছত বায়ু প্রদূষণ ভাৰতৰ আটাইতকৈ বৃহৎ স্বাস্থ্যজনিত সংকট হিচাপে ধৰা দিছে৷ বায়ু প্রদূষণ ৰুধিবলৈ জৰুৰী ব্যৱস্থা গ্রহণ নকৰিলে প্রতিবছৰে আৰু অধিক ভয়াৱহ হৈ পৰিব বুলি সকীয়নি দিছে ব্রিটেইনৰ ভাৰতীয় মূলৰ এগৰাকী চিকিৎসকে৷
তেওঁ কয় যে বায়ুজনিত ৰোগসমূহৰ অধিকাংশই পৰীক্ষা অথবা চিকিৎসা নকৰাকৈ মানুহে এৰাই চলে৷ ইয়াৰ ফলত লাহে লাহে আক্রান্ত ব্যক্তিজনৰ স্বাস্থ্যৰ অধিক ক্ষতি হ’বলৈ ধৰে৷ বায়ু প্রদূষণে সংগোপনে এজন ব্যক্তিৰ হাঁওফাঁওৰ ক্ষতি কৰে৷
শেহতীয়াভাৱে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়েও দিল্লীৰ ৪০ শতাংশ প্রদূষণৰ কাৰণ জীৱাশ্ম ইন্ধনৰ ওপৰত নির্ভৰশীল পৰিবহণ খণ্ডৰ বুলি স্বীকাৰ কৰিছে৷ বিগত সময়ছোৱাত নতুন দিল্লীৰ বায়ুৰ গুণমান সূচাংক ৫০০ৰো অধিক হৈছে৷ শেহতীয়া তথ্য মতে, বিগত তিনি বছৰত দিল্লীত দুই লক্ষাধিক লোক তীব্র শ্বাস-প্রশ্বাসজনিত ৰোগত আক্রান্ত হৈছে৷
নিউজ ডেস্ক, ২৮ ডিচেম্বৰ :