নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবর্ষৰ প্রাকক্ষণত বৃহৎ অভিযান, ২৪ ঘণ্টাত ৬৬০জনক গ্রেপ্তাৰ

ইংৰাজী নৱবর্ষত সম্ভাব্য অপৰাধৰ পৰা মুক্ত কৰি ৰাখিবলৈ নতুন দিল্লীত আৰক্ষীয়ে আৰম্ভ কৰিছে ‘অপাৰেচন আঘাত’৷ ২৪ ঘণ্টাত এই অভিযানৰ অধীনত আৰক্ষীয়ে ৬৬০জন লোকক গ্রেপ্তাৰ কৰিছে৷ সমান্তৰালভাৱে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র আৰু ড্রাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নতুন দিল্লী আৰক্ষীয়ে৷

আৰক্ষীয়ে জনোৱা মতে, অস্ত্র আইন, আবকাৰী আইন, এনডিপিএছ আইন আৰু জুৱাবিৰোধী আইনৰ বিভিন্ন ধাৰাৰ অধীনত এই লোকসকলক গ্রেপ্তাৰ কৰা হৈছে৷ এই অভিযানত এতিয়ালৈকে আৰক্ষীয়ে ৫টা গাড়ী চোৰকো গ্রেপ্তাৰ কৰিছে৷ এতিয়ালৈকে আৰক্ষীয়ে অভিযান চলাই ২১টা দেশত নির্মিত পিষ্টল, ২০ জাঁই সক্রিয় গুলী আৰু ২৭খন চোকা দাসহ অস্ত্র–শস্ত্র উদ্ধাৰ কৰিছে৷ আৰক্ষীয়ে ড্রাগছ আৰু অবৈধ সুৰাৰ ভাণ্ডাৰো উৎখাত কৰিছে৷

আৰক্ষীয়ে অভিযানৰ সময়ত বহু চুৰি সামগ্রীও উদ্ধাৰ কৰিছে৷ ইয়াৰে ভিতৰত ৩১০টা ম’বাইল, ২৩১খন বাইক আৰু এখন চাৰিচকীয়া গাড়ীও আৰক্ষীয়ে জব্দ কৰে৷ দক্ষিণ আৰু দক্ষিণ–পূব দিল্লীত এই অভিযান তীব্রতৰ কৰা হৈছে৷ দক্ষিণ–পূব জিলাত ইতিমধ্যে ২৮৫জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে ২,৮০০ৰো অধিক লোকক সোধা–পোছা কৰিছে৷ মুঠ ৮৫০জন লোকক আটক কৰি ইয়াৰে ৬৬০জনক অপৰাধমূলক কার্যৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ দিল্লী আৰক্ষীয়ে এই অভিযানত বৃহৎ সফলতা লাভ কৰা বুলি উল্লেখ কৰি ভৱিষ্যতে এই পদক্ষেপে ৰাজধানী চহৰত চুৰি–ডকাইতি আৰু অপৰাধ ৰোধত মুখ্য ভূমিকা গ্রহণ কৰিব বুলি কয়৷

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ :

You might also like