নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবাহু ভেটি চীনে সাজিছে ১৬৮ বিলিয়ন ডলাৰৰ মেগা ডেম

চীনে অতি সংগোপনে য়াৰলুং চাংপোত জলবিদ্যুৎ প্রকল্প নির্মাণ কৰি থাকিলেও ভাৰতে লাভ কৰিছে ইয়াৰ সমস্ত তথ্য৷ য়াৰলুং চাংপো নদীত নির্মাণ কৰি থকা এই জলবিদ্যুৎ প্রকল্পই ভাৰত আৰু চুবুৰীয়া দেশসমূহৰ বাবে বিশেষকৈ ব্রহ্মপুত্র অৱবাহিকাৰ কাষৰীয়া জনসম্প্রদায় আৰু পৰিৱেশতন্ত্রৰ বাবে ব্যাপক নেতিবাচক পৰিণতিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে

চীনে সাজু কৰিছে এক বৃহৎ জলবোমা৷ সীমান্তৰ অৰুণাচল আৰু অসমৰ বাবে শত্রু ৰাষ্ট্র হিচাপে পৰিচিত চীনে য়াৰলুং চাংপোত ১৬৮ বিলিয়ন ডলাৰৰ ব্যয়ৰে নির্মাণ কৰি থকা মেগা ডেমৰ খবৰে শংকিত কৰি তুলিছে ব্রহ্মপুত্র অৱবাহিকাৰ ভাৰতবর্ষ আৰু চুবুৰীয়া তিব্বত তথা বাংলাদেশক৷

উত্তৰ–পূবৰ আয়ুস ৰেখা ব্রহ্মপুত্রৰ চীনা অংশৰ য়াৰলুং চাংপোত চীনৰ ১৬৮ বিলিয়ন ডলাৰৰ ৬০ হাজাৰ মেগাৱাটৰ বৃহৎ জলবিদ্যুৎ প্রকল্পৰ জৰিয়তে বেইজিঙে নিজৰ বাবে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনি কার্যকৰী কৰি থকাৰ এই ভয়াৱহ আঁচনি তথা প্রস্তুতিক ভাৰতে সতর্কতাৰে নিৰীক্ষণ কৰি থকা বুলি সদৰী হৈছে৷

চীনে অতি সংগোপনে য়াৰলুং চাংপোত জলবিদ্যুৎ প্রকল্প নির্মাণ কৰি থাকিলেও ভাৰতে লাভ কৰিছে ইয়াৰ সমস্ত তথ্য৷ য়াৰলুং চাংপো নদীত নির্মাণ কৰি থকা এই জলবিদ্যুৎ প্রকল্পই ভাৰত আৰু চুবুৰীয়া দেশসমূহৰ বাবে বিশেষকৈ ব্রহ্মপুত্র অৱবাহিকাৰ কাষৰীয়া জনসম্প্রদায় আৰু পৰিৱেশতন্ত্রৰ বাবে ব্যাপক নেতিবাচক পৰিণতিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে৷

স্মর্তব্য যে তিব্বতৰ পৰা ওলাই আহি বংগোপ সাগৰত পৰাৰ আগতে নদীখন লাখ লাখ লোকৰ জীৱনৰেখা ব্রহ্মপুত্রৰ নামেৰে ভাৰতত প্রৱেশ কৰিছে৷ চীনত নির্মিত এই বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণৰ লগে লগে য়াৰলুং চাংপোৰ পৰা আৰম্ভ কৰি বাংলাদেশলৈকে প্রাকৃতিক পৰিৱর্তন কিদৰে হ’ব সেইটো বর্তমানলৈকে অধ্যয়ন কৰা হোৱা নাই৷

বেইজিঙে এই প্রকল্পক জলবায়ু অনুকূল স্বচ্ছ শক্তিৰ উৎস হিচাপে প্রচাৰ কৰি আছে যদিও ভূ–বিশেষজ্ঞসকলে সতর্ক কৰি দিছে যে ইয়াৰ ফলত য়াৰলুং চাংপোৰ খিলঞ্জীয়া বাসিন্দাসকলৰ পূর্বপুৰুষৰ ঘৰসমূহো ধ্বংস হ’ব পাৰে আৰু স্থানীয় পৰিৱেশতন্ত্রই ভাৰসাম্যতাত ভুগিব পাৰে৷ ৱাশ্বিংটনৰ ষ্টিমচন চেণ্টাৰৰ শক্তি, জল আৰু বহন ক্ষমতা কার্যসূচীৰ পৰিচালক ব্রায়ান আয়লাৰে য়াৰলুং চাংপোৰ এই বৃহৎ জলবিদ্যুৎ প্রকল্পক পৃথিৱীয়ে দেখা আটাইতকৈ অত্যাধুনিক জলবিদ্যুৎ প্রকল্প বুলি অভিহিত কৰি কয় যে এই বৃহৎ জলবিদ্যুৎ প্রকল্প পৃথিৱীৰ বাবেই আটাইতকৈ বিপজ্জনক৷ অৱশ্যে চীনে আয়লাৰৰ এই মন্তব্যক খণ্ডন কৰিছে৷

আনহাতে য়াৰলুং চাংপোত চীনে নির্মাণ কৰা এই বৃহৎ জলবিদ্যুৎ প্রকল্প ভাৰতৰ বাবে ভয়াৱহ হিচাপে বিবেচিত হৈছে৷ কাৰণ ব্রহ্মপুত্রৰ ওপৰৰ অংশত পানীৰ প্রৱাহে পলসৰ গতি–বিধি, মাছৰ প্রব্রজন আৰু ঋতুভিত্তিক বানৰ ক্ষেত্রত প্রভাৱ পেলাব পাৰে৷ ইয়াৰ ফলত ভাৰত আৰু ইয়াৰ চুবুৰীয়া তিব্বত, বাংলাদেশ আদি দেশত কৃষি আৰু জৈৱ–বৈচিত্র্যত ব্যাপক নেতিবাচক প্রভাৱ পেলোৱাটো নিশ্চিত৷

বেইজিঙৰ প্রকল্পৰ ফলস্বৰূপে য়াৰলুং চাংপোৰ নামনিৰ ব্রহ্মপুত্র তথা বাংলাদেশৰ নদী অংশত প্রাকৃতিক ভাৰসাম্য নষ্ট হ’ব পাৰে৷ তাৎপর্যপূর্ণ কথাটো হ’ল যে চীনে নির্মাণ কৰিব বিচৰা এই বৃহৎ প্রকল্পৰ বাবে য়াৰলুং চাংপোৰ অঞ্চলটো নিজেই পৰিৱেশ সংবেদনশীল হৈ পৰিছে৷ ইয়াৰ কাষে কাষে থকা সংৰক্ষিত বনাঞ্চল আৰু ইয়াত থকা নাহৰফুটুকী, ক’লা ভালুক, ৰঙা পাণ্ডা, বাঘ, সিংহকে আদি কৰি প্রাণীসমূহ নাইকিয়া হৈ যাব পাৰে৷

এই বৃহৎ প্রকল্পৰ বাবেই চীনৰ আটাইতকৈ সৰু আনুষ্ঠানিকভাৱে স্বীকৃতিপ্রাপ্ত জনগোষ্ঠীসমূহৰ ভিতৰত মনপা আৰু লুবাৰ দৰে খিলঞ্জীয়া সম্প্রদায়কে ধৰি লাখ লাখ লোক ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা আছে৷ তিব্বতৰ ধর্মশালাস্থিত তিব্বত নীতি প্রতিষ্ঠানৰ উপ–সঞ্চালক টেম্পা গ্যাল্টচেন জামালহায় এই সন্দর্ভত কয় যে এই বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণৰ বাবে স্থানীয় মানুহে নিজৰ পূর্বপুৰুষৰ মাটি–ভেটিৰ পৰা বলপূর্বকভাৱে নিজেই স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে৷

স্থানীয় আয়ৰ উৎস, স্থানীয় পৰিৱেশ ভাৰসাম্যতা আৰু বন্যপ্রাণীৰ বাসস্থান ধ্বংস, অঞ্চলটোত স্থানীয় জনসংখ্যাৰ পৰিৱর্তে চীনৰ পৰা প্রব্রজিত শ্রমিকৰ আগমনে ব্যাপক ক্ষতি কৰাৰ আশংকা আছে৷ আনহাতে ব্রহ্মপুত্রৰ ওপৰত ভাৰতে ১১২০০ মেগাৱাটৰ বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণৰ দিশত আগবাঢ়িছে৷ এনে অৱস্থাত চীন আৰু ভাৰতবর্ষ এই দুয়ো দেশে য়াৰলুং চাংপো অথবা ব্রহ্মপুত্রত বৃহৎ নদীবান্ধ নির্মাণে সমগ্র অঞ্চলটোলৈকে ভয়াৱহ সংকট কঢ়িয়াই অনাৰ ইংগিত বহন কৰিছে৷ অৱশ্যে এই দুয়োখন দেশৰ সহযোগিতাইহে বৃহৎ নদীবান্ধৰ পৰা হ’ব পৰা বিপদ হ্রাস কৰিব পাৰে৷

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ

You might also like