নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বটদ্রৱাত সাংস্কৃতিক প্রকল্পৰ শুভাৰম্ভ কৰিব অমিত শ্বাহে

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনক লৈ প্রস্তুতি তুংগত উঠাৰ সময়তে দুদিনীয়া কার্যসূচীৰে বুধবাৰে গুৱাহাটীত উপস্থিত হ’ল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ ইতিমধ্যে বিগত এটা মাহত দুখনকৈ বিশাল জনসভাত অংশগ্রহণ কৰি অসমত বিজেপিৰ হৈ নির্বাচনী ৰণডংকা বজোৱা অমিত শ্বাহে এইবাৰ নির্বাচনী প্রচাৰ অভিযানৰ বিপৰীতি তিনিটা বিশেষ কার্যসূচীত অংশগ্রহণৰ বাবে আজি নিশা গুৱাহাটীত উপস্থিত হয়৷

উল্লেখ্য যে আজি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে পুৱা ১০ বজাত বিএছএফৰ হেলিকপ্টাৰেৰ পুৰণিগুদামত উপস্থিত হৈ ১২৬ ফুট উচ্চতাৰ সর্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ দর্শন কৰাৰ লগতে মন্দিৰত অনুষ্ঠিত হ’বলগীয়া পূজাত অংশগ্রহণ কৰিব৷ ডেৰ লক্ষাধিক ভক্তপ্রাণ লোক সমৱেত হ’ব লগা এই সমাৰোহ অনুষ্ঠানত ইতিমধ্যে সাজু কৰি তোলা হৈছে ১০৮টা যজ্ঞৰ কুণ্ড৷ তদুপৰি যজ্ঞৰ বাবে সাজু কৰি তোলা নগাঁৱৰ নৰসিংহ সমন্বয় ক্ষেত্রত প্রায় আধা ঘণ্টা কটোৱাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রীগৰাকী ৰাওনা হ’ব বটদ্রৱালৈ৷ হেলিকপ্টাৰেৰ বৰদোৱা সত্রত উপস্থিত হৈ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান বটদ্রৱাৰ ১৬০ বিঘা ভূমিত ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা সাংস্কৃতিক প্রকল্পৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বৰদোৱা থান পৰিচালনা কমিটীৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ লগতে এখন ৰাজহুৱা সভাতো অংশগ্রহণ কৰিব৷ ইফালে অমিত শ্বাহৰ আগমনক কেন্দ্র কৰি আজি সহস্রাধিক চাকিৰে আলোকময় কৰি তোলা হয় সমগ্র বটদ্রৱা থান৷ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্রৱা থানক বিশ্বৰ ধর্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্র হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত বেদখলমুক্ত হোৱা আকাশীগংগা তীৰৰ ১৬০ বিঘা ভূমিত নির্মাণ হ’বলগীয়া সাংস্কৃতিক প্রকল্পৰ আজি হ’ব লগা শুভাৰম্ভ অনুষ্ঠানৰ বাবে উৎসাহী হৈ পৰিছে বটদ্রৱাৰ ৰাইজ৷ অমিত শ্বাহৰ আগমনৰ প্রাক্মুহূর্তত স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ লগতে বটদ্রৱা থানৰ ভকত–বৈষ্ণৱ, সত্রবাসী ৰাইজে সহস্রাধিক চাকিৰে উজলাই তোলে সমগ্র থানখন৷ উল্লেখ্য যে কাইলৈ শুভাৰম্ভ অনুষ্ঠানৰ পাছতে গৃহমন্ত্রীগৰাকীয়ে ডেৰ লক্ষাধিক লোকৰ উপস্থিতিত এখন ৰাজহুৱা সভাতো ভাষণ প্রদান কৰিব৷ বটদ্রৱাৰ পৰা অমিত শ্বাহ ৰাওনা হ’ব পাহাৰীয়া চহৰ ডিফুলৈ৷ আজি কার্বি আংলং জিলাৰ ডেনগাঁৱত অনুষ্ঠিত হ’ব এক বিশেষ অনুষ্ঠান৷ এই অনুষ্ঠানতে গৃহমন্ত্রীগৰাকীৰ উপস্থিতিত উগ্রপন্থী নেতা সংবিজিতৰ নেতৃত্বাধীন পি ডি চি কেৰ সৈতে ৰাজ্য–কেন্দ্রীয় চৰকাৰে স্বাক্ষৰিত কৰিব এক শান্তি চুক্তি৷ আন এখন সভাতো অংশ ল’ব অমিত শ্বাহে৷
আজি কার্বি আংলঙলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কার্বি আংলঙৰ আগমনক লৈ ডেনগাঁৱৰ নুৰাত চলিছে বিশাল প্রস্তুতি৷ উল্লেখ্য যে আজি অনুষ্ঠিত হ’ব লগা বিশাল জনসভাৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ উপস্থিতিত জিলাখনৰ কেইবাটাও সশস্ত্র সংগঠনৰ সৈতে আনুষ্ঠানিকভাৱে শান্তি চুক্তিত স্বাক্ষৰ কৰা হ’ব৷ আনহাতে, বিদ্রোহী সংগঠনৰ সদস্যৰ সৈতে এক বার্তালাপতো মিলিত হ’ব গৃহমন্ত্রীগৰাকী৷ ইফালে অমিত শ্বাহক আদৰণি জনাবলৈ পাহাৰীয়া জিলাখনত উপস্থিত হৈছে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়াৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও নেতা৷ আনহাতে, ডেনগাঁৱৰ নুৰাত অনুষ্ঠিত হ’ব লগা বিশাল সভা সফল কৰি তুলিবলৈ আজি সভাস্থলীত উপস্থিত হয় কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং৷

You might also like