নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফ–কংগ্রেছ জৰাসন্ধঃ অতুল বৰা

নাওবৈচাত অগপৰ বজ্রনিনাদ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত বিভিন্ন ৰাজনৈতিক দলৰ লগতে বিজেপিৰ মিত্রজেজাটৰ অংশীদাৰ অসম গণ পৰিষদেও ১১০নং নাওবৈচা বিধানসভা সমষ্টিতো নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তুলিছে৷ অসম গণ পৰিষদৰ নাওবৈচা বিধান পৰিষদৰ উদ্যোগত শনিবাৰে লালুক ক্রীড়া সন্থাৰ খেলপথাৰত এখন বিশাল জনজাগৰণ আৰু যোগদান সভা অনুষ্ঠিত হয়৷ অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক তথা যুৱ নেতা জয়ন্ত খাউণ্ডৰ তৎপৰতাত অনুষ্ঠিত বিশাল জনজাগৰণ সভাই সমষ্টিটোত অগপৰ নিজৰ সাংগঠনিক ভেটি মজবুত কৰি তুলিছে বুলি চর্চা হৈছে৷ এ আই ইউ ডি এফৰ দখত থকা সমষ্টিটোত আঞ্চলিক দলটোৱে আজি নিজৰ শক্তি প্রদর্শন কৰি অন্যান্য দলসমূহক যেন প্রত্যাহ্বান জনালে৷ দিনৰ এক বজাৰ পৰা অনুষ্ঠিত অগপৰ জনজাগৰণ সভাখনত আদৰণী ভাষণ প্রদান কৰে অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক তথা যুৱ নেতা জয়ন্ত খাউণ্ডে৷ সভাত অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী অতুল বৰা, দলটোৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, উপ–সভাপতি কেশৰাম বৰা, তুলাৰাম গগৈ, কেন্দ্রীয় সাধাৰণ সম্পাদক তথা বিধায়ক উৎপল দত্ত, সম্পাদক ড০ তপন দাস, সাংস্কৃতিক পৰিষদৰ সভানেত্রী তথা কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহঁাই, অসম ছাত্র পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱা, অগপৰ মুখপাত্র কস্তুৰী চুতীয়া, বিশিষ্ট কণ্ঠশিল্পী মহেন্দ্র হাজৰিকা, প্রণামিকা গোস্বামীকে আদি কৰি অগপৰ বহুকেইগৰাকী কেন্দ্রীয় পর্যায়ৰ নেতাৰ লগতে অগপৰ ভাতৃ সংগঠনৰ নেতা–কর্মী উপস্থিত থাকে৷ অগপৰ কেন্দ্রীয় সভাপতি অতুল বৰাই এ আই ইউ ডি এফ, কংগ্রেছ আদি দলক তীব্র সমালোচনা কৰি অসম গণ পৰিষদ দল আঞ্চলিকতাৰ ভাবাদর্শৰে গঢ় লোৱা ধর্মনিৰপেক্ষ দল বুলি মন্তব্য কৰে৷ অগপৰ সভাপতিগৰাকীয়ে ভাৰতবর্ষত মিত্রতাৰ ৰাজনীতি খুবেই প্রাসংগিক বুলি মন্তব্য কৰে৷ লগতে অগপই সদায় নিজৰ চৰিত্র অক্ষুণ্ণ ৰাখিব বুলি উল্লেখ কৰে৷

আঞ্চলিকতাবাদৰ ভাবাদর্শৰে গঢ় লোৱা অসম গণ পৰিষদ দলে সমন্বয়–এনাজৰীৰে কাম কৰি যাব বুলি সভাত প্রকাশ কৰি অগপই নতুন ৰূপত ন–সাজেৰে জনসাধাৰণৰ মাজলৈ ওলাই অহা বুলি মন্তব্য কৰে৷ সভাপতিগৰাকীয়ে এ আই ইউ ডি এফ আৰু কংগ্রেছক তীব্র সমালোচনা কৰি সম্প্রতি দুয়োটা দল লগ হৈ জৰাসন্ধৰ ভাও লোৱা বুলি মন্তব্য কৰে৷ এই জৰাসন্ধক ভীমে নিধন কৰাৰ দৰে অগপই ৰাইজৰ সহযোগত জৰাসন্ধ ৰূপী কংগ্রেছ আৰু এ আই ইউ ডি এফক নিধন কৰিব বুলি তেওঁ কয়৷ সভাপতিগৰাকীয়ে সর্বস্তৰৰ লোকৰ উন্নয়নৰ কথা কৈ অগপক শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ ৰাজ্যৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ পোষকতা কৰি কয় যে অন্য জনগোষ্ঠীৰ আঘাত নোহোৱাকৈ সামগ্রিক উন্নয়নৰ ক্ষেত্রত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পক্ষপাতী বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সভাত অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই ভাষণ প্রদান কৰি অগপ নতুন সাজেৰে ন–উদ্যমেৰে আঞ্চলিকতাবাদী ভাবাদর্শৰে ৰাইজৰ মাজলৈ ওলাই আহিছে বুলি মন্তব্য কৰে৷ সভাত কল্পনা পাটোৱাৰীয়ে ভাষণ প্রদান কৰি গীত পৰিৱেশন কৰে৷ সংগীত শিল্পী মহেন্দ্র হাজৰিকাই সংগীত পৰিৱেশন কৰে৷ জনজাগৰণ সভাত কংগ্রেছ, এ আই ইউ ডি এফ, বিজেপি, জমিয়ত আদি বিভিন্ন দল–সংগঠনৰ পৰা প্রায় সহস্রাধিক লোকে অগপৰ নীতি–আদর্শৰ প্রতি আকৃষ্ট হৈ অগপত যোগদান কৰে৷ পুৱা পতাকা উত্তোলন কৰে অগপৰ নাওবৈচা বিধান পৰিষদৰ সভাপতি ৰমণী শইকীয়াই৷ শ্বহীদ তর্পণ কৰে অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক জয়ন্ত খাউণ্ডে৷ নানা কৃষ্টি–সংস্কৃতি পৰিৱেশন কৰা সভাখনত অগপৰ জিলা সমিতিৰ সভাপতি দীপক বৰদলৈ, নাওবৈচা সমষ্টিৰ সম্পাদক সোমেশ্বৰ বৰা, আবু ছহিদ আদি কৰি অগপৰ নেতা–কর্মী উপস্থিত থাকে৷ সভাপতিগৰাকীক অগপৰ কর্মীসকলে এক বৃহৎ মটৰচাইকেল ৰেলীৰে আদৰি আনে৷ দহ সহস্রাধিকতকৈ অধিক লোক উপস্থিত থকা সভাখনত সমষ্টিটোৰ বিভিন্ন জাতি–সম্প্রদায়, ধর্মাৱলম্বী লোকে অংশগ্রহণ কৰে৷
অতুল বৰাৰ প্রতিকৃতি দাহ ছাত্র সন্থাৰ
ইপিনে অগপৰ কেন্দ্রীয় নেতৃত্বই লালুকত প্রৱেশ কৰাৰ প্রাক্মুহূর্তত লালুক বাছ আস্থানত লালুক আঞ্চলিক ছাত্র সন্থাৰ লগতে অন্যান্য সংগঠনৰ কর্মীসকলে উত্তাল প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি অগপৰ কেন্দ্রীয় সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্রী ফণীভূষণ চৌধুৰীৰ প্রতিকৃতি দাহ কৰে আৰু বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ আছুকে ধৰি অন্যান্য সংগঠনৰ কর্মীসকলে লালুক বাছ আস্থানৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত প্রতিবাদ সাব্যস্ত কৰি অগপ গ’ বেক, ‘কা’ আমি নামানো, অগপ লেই লেই–চেই চেই ধ্বনি দিয়ে৷ আছুৰ কর্মীসকলে অগপ দলক ক্ষুৰধাৰ সমালোচনা কৰি অসমৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্রত ব্যর্থ হোৱা বুলি মন্তব্য কৰে৷ আছু কর্মীসকলে প্রতিবাদস্থলীত যোগানমন্ত্রী ফণীভূষণ চৌধুৰীক খাদ্যবস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাত চূড়ান্তভাৱে ব্যর্থ হোৱা বুলি মন্তব্য কৰে৷ লগতে নাওবৈচা সমষ্টিৰ বান–গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্রত চৰকাৰৰ অংশীদাৰী দল হিচাপে অগপ দল চূড়ান্তভাৱে ব্যর্থ হোৱা বুলি মন্তব্য কৰে৷ আছু কর্মীসকলে অগপ দলে ‘কা’ সন্দর্ভত দুমুখীয়া স্থিতি গ্রহণ কৰা বুলিও অভিযোগ কৰে৷ অগপৰ কেন্দ্রীয় সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত আদি অগপৰ ৰাজ্যিক পর্যায়ৰ নেতাসকলক আছুৱে লালুকত ক’লা পতাকা প্রদর্শন কৰে৷

You might also like