নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মীয় মেৰুকৰণত আসন হ্রাস অসম গণ পৰিষদৰ

ভোটগণনাৰ এদিন পিছতে নির্বাচনী বিশ্লেষণ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ

নিয়মীয়া বাৰ্তা ৪ মেঃ ২০১৬ চনৰ বিধানসভা নির্বাচনত ১৪খন আসন লাভ কৰা অগপৰ এইবাৰ ৯খনলৈ হ্রাস হ’ল আসন৷ আঞ্চলিকতাবাদী দলটোৱে মুঠ ২৬খন আসনত এইবাৰ প্রতিদ্বন্দ্বিতা কৰিছিল৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অংশীদাৰ অগপৰ এনে অৱস্থাক লৈ চর্চা অব্যাহত থকাৰ সময়তে মন্ত্রী ফণীভূষণ চৌধুৰীয়ে আগবঢ়াইছে ইয়াৰ বিশ্লেষণ৷ ধর্মীয় মেৰুকৰণ হোৱাৰ বাবেই মিত্রজোঁটৰ অংশীদাৰ দলটোৱে বহু আসন হেৰুৱাবলগীয়া হোৱা বুলি জ্যেষ্ঠ অগপ নেতাজনে মন্তব্য কৰে৷ তেওঁ কয় যে মিত্রজোঁটৰ অংশীদাৰ দল হিচাপে জনগাঁথনিয়ে সমর্থন নকৰা বহুকেইটা সমষ্টিত অগপ দলে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছিল৷

বিশেষকৈ নামনি অসমৰ পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা, মানকাচৰ, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, বৰপেটা, চেঙা, সৰুক্ষেত্রী, ভৱানীপুৰ আদি সমষ্টিত নির্বাচনৰ প্রাক্ক্ষণত ধর্মীয় মেৰুকৰণ হোৱাৰ ফলত অগপ পৰাজিত হ’বলগীয়া হ’ল৷ ভৱানীপুৰৰ দৰে সমষ্টিত মাত্র দুই–তিনি হাজাৰ ভোটৰ ব্যৱধানত দলে পৰাজিত হৈছে যদিও ধর্মীয় মেৰুকৰণ নহ’লে এইবোৰ সমষ্টিত অগপৰ জয়লাভ নিশ্চিত আছিল৷ এনেবোৰ সমষ্টিৰ জনগাঁথনি মিত্রজোঁটৰ বিপৰীত পক্ষক সমর্থন কৰি অহা সত্ত্বেও অগপই প্রতিদ্বন্দ্বিতা কৰি জয়লাভৰ বাবে অশেষ চেষ্টা কৰিছিল৷ কিন্তু ধর্মীয় মেৰুকৰণৰ বাবেই পৰাজিত হ’বলগীয়াত পৰিল৷

ইফালে, অষ্টমবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হোৱা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে আগন্তুক দিনত সমষ্টিৰ উন্নয়নত অধিক মনোনিৱেশ কৰাৰ লগতে নিবনুৱা যুৱক–যুৱতীৰ সংস্থাপন প্রদানৰ ক্ষেত্রত অধিক গুৰুত্ব দিব বুলি জানিবলৈ দিয়ে৷ আনহাতে, একালৰ সতীর্থ তথা অসম জাতীয় পৰিষদৰ প্রার্থী দীপু চৌধুৰীয়ে কংগ্রেছৰে মিলি বঙাইগাঁৱত মন্ত্রী ফণীভূষণ চৌধুৰীক হৰুওৱাৰ কৌশল ৰচনা কৰিলেও পূর্বৰ তুলনাত অধিক ভোটতহে জয়লাভ কৰিবলৈ সক্ষম হোৱা বুলি কটাক্ষ কৰে৷ তেওঁ কয় যে দীপু চৌধুৰীক অগপ নেতা বুলি একাংশই ক’লেও তেওঁ দলটোৰ কোনো নেতা নাছিল৷ দীপু চৌধুৰী দলটোৰ এজন কর্মীহে আছিল৷ দলে দীপু চৌধুৰীক দুবাৰকৈ বঙাইগাঁও পৌৰসভাৰ সভাপতি পাতিছিল৷ কিন্তু দীপু চৌধুৰীয়ে পৌৰসভাৰ সভাপতি হিচাপে বহু নকৰিবলগীয়া কাম–কাজ কৰি অগপৰ পৰা এটা সময়ত ওলাই যাবলগীয়া হৈছিল৷ দীপু চৌধুৰীয়ে অসম জাতীয় পৰিষদত যোগদান কৰি কংগ্রেছৰ শংকৰ প্রসাদৰ সৈতে মিলি বঙাইগাঁৱত ফণীভূষণ চৌধুৰীক পৰাস্ত কৰাৰ কৌশল ৰচনা কৰে৷ দীপু চৌধুৰীয়ে নিজৰ সলনি কংগ্রেছৰ প্রার্থী শংকৰ প্রসাদ ৰায়ক জিকোৱাৰ স্বার্থত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিলেও দুয়োজনে বিফল হ’ল আৰু পূর্বৰ তুলনাত অগপ অধিক ভোটত জয়যুক্ত হ’ল৷

উল্লেখ্য যে অষ্টমবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হৈ এক অভিলেখ ৰেকর্ড গঢ়িলে অগপ দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰীয়ে৷ ৰাজ্যখনত ৰাজনীতি ইতিহাসত নতুন নজিৰ সৃষ্টি কৰি অষ্টমবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হোৱাত অগপ দলৰ নেতা–কর্মী তথা তেওঁৰ শুভাকাংক্ষীৰ মাজত বৈছে আনন্দৰ ধল৷ ১৯৮৫ চনৰ পৰা একেৰাহে তেওঁ বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ আহিছে৷ ইয়াৰ পূর্বে ৰাজ্যখনৰ কোনো এটা বিধানসভা সমষ্টিতে একেৰাহে এজন প্রার্থী একেটা দলৰ অষ্টমবাৰৰ বাবে জয়ী হোৱাৰ ৰেকর্ড নাই৷ ফণীভূষণ চৌধুৰীয়ে কংগ্রেছ দলৰ প্রার্থী শংকৰ প্রসাদ ৰায়ক বিপুল ভোটত পৰাজিত কৰি অষ্টমবাৰৰ বাবে নির্বাচিত হৈ ৰাজ্যখনৰ ৰাজনীতি ইতিহাসত এক নতুন নজিৰ সৃষ্টি কৰে৷ ফণীভূষণ চৌধুৰীয়ে লাভ কৰে ৮২,৮০০টা ভোট আৰু শংকৰ প্রসাদ ৰায়ে লাভ কৰে ৪৪,৪০৫টা ভোট৷ ৩৮,৩৯৫টা ভোটৰ ব্যৱধানত তেওঁ শংকৰ প্রসাদ ৰায়ক পৰাজিত কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, অষ্টমবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হোৱাৰ ৰেকর্ড নাই যদিও একেটা সমষ্টিৰ পৰা সপ্তমবাৰৰ বাবে নির্বাচিত হোৱাৰ ৰেকর্ড আছে৷ এইটো সমষ্টি হৈছে গোসাঁইগাঁও বিধানসভা সমষ্টি৷ এই সমষ্টিৰ পৰা প্রাক্তন মন্ত্রী প্রয়াত মিথিয়াছ টুডু সাতবাৰকৈ জয়ী হৈছিল৷ অৱশ্যে তেওঁ ১৯৫৭ চনৰ পৰা একেৰাহে ১৯৮৫ চনলৈকে গোসাঁইগাঁও বিধানসভা সমষ্টিত ৬বাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হৈছিল আৰু ২০০১ চনত পুনৰ তেওঁ উক্ত সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হৈ সপ্তমবাৰৰ বাবে বিজয়ৰ মালা পিন্ধিবলৈ সক্ষম হৈছিল৷ প্রয়াত প্রাক্তন মন্ত্রীগৰাকী ১৯৫৭ চনৰ পৰা ১৯৬৭ চনলৈকে নির্দলীয় প্রার্থী হিচাপে জয়ী হৈ আহিছিল আৰু পৰৱর্তী সময়ত তেওঁ কংগ্রেছ দলৰ হৈ নির্বাচনত অৱতীর্ণ হৈ বিজয়ী হয়৷ ইপিনে ফণীভূষণ চৌধুৰীয়ে গঢ়া এই ৰেকর্ডক লৈ এতিয়া বঙাইগাঁওবাসীৰ মাজত চর্চাৰ বিষয় হৈ পৰিছে৷

ৰাজনীতিজ্ঞৰ মতে, সহজ–সৰল জীৱনধাৰা পালন কৰা, ধনৰ লালসা, লোভ নথকা এই ব্যক্তিত্বৰ বাবে তেওঁক আঁকোৱালি লৈছে সমষ্টিবাসীয়ে৷ উল্লেখ্য যে ৰাজনৈতিক জগতৰ লগত জড়িত হোৱাৰ পূর্বে ফণীভূষণ চৌধুৰী জড়িত আছিল শিক্ষাবৃত্তিত৷ শিক্ষকতা বৃত্তিৰ পৰা ৰাজনীতিত জড়িত হোৱাৰ পিছৰে পৰা পিছফালে চাবলগীয়া হোৱা নাই চৌধুৰীয়ে৷ প্রথমবাৰ ১৯৮৫ চনত অসম গণ পৰিষদৰ প্রার্থীৰূপে নির্বাচনত অৱতীর্ণ হৈয়ে বিজয়ৰ মালা পিন্ধিবলৈ সক্ষম হয়৷ সেই সময়ৰ তেওঁৰ মূল প্রতিদ্বন্দ্বী আছিল চি পি আই এম দল৷ উল্লেখ্য যে চৌধুৰী অসম মন্ত্রীসভাত দুবাৰকৈ স্থান লাভ কৰিবলৈ সক্ষম হয়৷ ১৯৯৬ চনত অগপ–চি পি আই এমকে ধৰি চাৰিদলীয় মিত্রজোঁটৰ চৰকাৰত প্রথমবাৰৰ বাবে মন্ত্রীসভাত স্থান দিয়া হৈছিল৷ উক্ত সময়ছোৱাত তেওঁক শ্রম আৰু নিয়োগ মন্ত্রীৰ দায়িত্ব অর্পণ কৰা হৈছিল৷ শেহতীয়া চৰকাৰ অর্থাৎ ২০১৬ চনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত গঠন হোৱা মন্ত্রীসভাত ফণীভূষণ চৌধুৰী খাদ্য আৰু অসামৰিক যোগান মন্ত্রীকে ধৰি কেইবাটাও বিভাগৰ মন্ত্রীৰ দায়িত্বত আছিল৷

You might also like