নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ সুধী সমাজ, সামাজিক–সাংস্কৃতিক– সংগঠনৰ একমুখে দাবীঃ মুখ্যমন্ত্রী হ’ব লাগিব ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ৪ মেঃ ৰাজ্যত একেৰাহে দ্বিতীয়বাৰৰ বাবে বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পিছত পৰৱর্তী পাঁচ বছৰৰ কাৰণে মুখ্যমন্ত্রী কোন হ’ব এই লৈ এতিয়া ৰাজ্যত ব্যাপক চর্চা চলি আছে৷ বিগত পাঁচ বছৰত মুখ্যমন্ত্রী হিচাপে সফল নেতৃত্ব দিয়া সর্বানন্দ সোণোৱালৰ উপৰি নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সু–পৰিচালনা আৰু দিন–ৰাতি একাকাৰ কৰি পুনৰ ৰাজ্যত বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠন কৰাত সন্মুখৰ পৰা নেতৃত্ব দিছিল৷ ড০ হিমন্ত বিশ্ব শর্মাৰ পিতৃৰ জন্ম জিলা নলবাৰীৰ উন্নয়নৰ বাবে ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী হিচাপে বিচাৰে সমগ্র নলবাৰীবাসীয়ে৷

আনহাতে বিগত পাঁচ বছৰত নলবাৰীৰ সামগ্রিক উন্নয়নৰ বাবে বিশেষভাৱে চেষ্টা অব্যাহত ৰখাৰ বাবেও ড০ শর্মাক মুখ্যমন্ত্রী হিচাপে বিচাৰে৷ বিশিষ্ট নাট্যকাৰ তথা সাংবাদিক ধ্রুৱজ্যোতি শর্মা, জনপ্রিয় কবি প্রণৱ কুমাৰ বর্মন, নলবাৰীৰ সহোদৰ সমন্বয়ক তথা প্রাক্তন ছাত্রনেতা পংকজ বর্মন, অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত মিশ্র, বিশিষ্ট পশু চিকিৎসক ডাঃ বিপিন চন্দ্র কলিতা, সাহিত্য সংগঠক গোবিন্দ কলিতা, শিক্ষাব্রতী ড০ সঞ্জীৱ গোস্বামী, ড০ সুশান্ত কাশ্যপ, বনভাগ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্র কলিতা, জ্যেষ্ঠ সাংবাদিক ব্রজেন তালুকদাৰ, বীৰেন কলিতা, কবি জয়চন্দ্র শর্মা আদি কৰি নলবাৰীৰ সমাজ জীৱনৰ লগত জডিত ব্যক্তি, অনুষ্ঠান–প্রতিষ্ঠান তথা সামাজিক, সাংস্কৃতিক, বৌদ্ধিক সংগঠনসমূহেও ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰাটো বিচাৰিছে৷

উল্লেখ্য যে উজনি–নামনি বুলি নহয়, ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বক সকলোৱেই একমুখে স্বীকাৰ কৰি আহিছে৷ গতিকে ড০ শর্মাক মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰাৰ সুযোগ দিলে উত্তৰ–পূর্বাঞ্চলৰ উন্নয়নৰ বাবেও বিশেষ ভূমিকা গ্রহণ কৰিব পাৰিব৷ অৱশ্যে ভাৰতীয় জনতা পার্টীৰ সংসদীয় সমিতিয়ে এই বিষয়ত শীঘ্রেই সিদ্ধান্ত ল’ব বুলি জানিব পৰা গৈছে৷

You might also like