২০২৬ত কাৰ অংশীদাৰ হৈ নিৰ্বাচনত নামিব AGP, বৰপেটা-ৰ প্ৰাৰ্থীও নিশ্চিত!
চাহ জনজাতি আৰু ধৰ্মীয় সংখ্যালঘুৰ বাবে কংগ্ৰেছে একোটো কামেই নকৰিলে
বৰপেটাত শুকুৰবাৰে অনুষ্ঠিত হয় অসম গণ পৰিষদ (অগপ)ৰ এক যোগদান অনুষ্ঠান। দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে।
বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমাৰোহত পাঁচ সহস্ৰাধিক লোক উপস্থিত থাকে। যোগদান অনুষ্ঠানে অগপৰ শক্তি আগবঢ়াই নিব বুলি মন্তব্য কৰে সভাপতি অতুল বৰাই। তেওঁ স্পষ্টকৈ কয়— “এন ডি এৰ অংশীদাৰ হৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনত অগপ পূৰ্ণ শক্তিৰে প্ৰতিদ্বন্দ্বিতা কৰিব।”
সভাপতি অতুল বৰাই কংগ্ৰেছক লক্ষ্য কৰি কঠোৰ সমালোচনা কৰে। তেওঁৰ কয়—
- “কংগ্ৰেছ আমাৰ মূল শত্ৰু।”
- “কংগ্ৰেছৰ শাসনত ৰাজ্যখনৰ অপূৰণীয় ক্ষতি হৈছিল।”
- “চাহ জনজাতি আৰু ধৰ্মীয় সংখ্যালঘুৰ বাবে কংগ্ৰেছে একোটো কামেই নকৰিলে।”
ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূব আৰু অসমৰ অভূতপূৰ্ব উন্নয়ন হৈছে বুলি তেওঁ দাবী কৰে।
অতুল বৰাই জনায়, ছয় নম্বৰ দফাৰ ৰূপায়ণৰ ক্ষেত্ৰত বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগে দাখিল কৰা প্ৰতিবেদন পৰ্যালোচনা কৰি অসম চৰকাৰৰ কেবিনেটে ৬৭টা পৰামৰ্শ আগবঢ়াইছে। ইয়াৰে ৪০টা পৰামৰ্শ ৰাজ্য চৰকাৰে, ১৫টা কেন্দ্ৰীয় চৰকাৰে আৰু ১২টা দুয়োখন চৰকাৰে মিলি ৰূপায়ণ কৰিব পৰা যাব। তেওঁ আশা প্ৰকাশ কৰে— “বৰ্তমান চৰকাৰৰ সদিচ্ছাৰ বাবে সকলো পৰামৰ্শ অতি সোনকালে বাস্তৱায়িত হ’ব।”
অতুল বৰাই ঘোষণা কৰে— ১০ ডিচেম্বৰত গুৱাহাটীত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত শ্বহীদ স্মাৰক উদ্বোধন কৰা হ’ব।
উল্লেখ্য যে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ২৪নং বৰপেটা বিধানসভা সমষ্টিৰ সম্ভাব্য অগপ প্ৰাৰ্থী হিচাপে দীপক কুমাৰ দাসৰ নাম উচ্চাৰিত হৈছে।
ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ
লগতে এইটোও পঢ়ক — Zubben Garg-ৰ মৃত্যু কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ প্ৰতিশ্ৰুতি— “জুবিনে ন্যায় পাবই!”