নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সর্বাধিক মুছলিম জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰতবর্ষ

🔹 আন্তর্জাতিক সংস্থা ‘পিউ’ৰ চাঞ্চল্যকৰ প্রতিবেদন

নিউজ ডেস্ক, ১৩ জুলাই : বিশ্বজুৰি ২০১০ চনৰ পৰা মুছলিম সম্প্রদায়ৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ ভাৰততো ইয়াৰ ব্যতিক্রম নহয়৷ বিশ্বৰ সর্বাধিক মুছলিম জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰত৷ এই চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে আন্তর্জাতিক সংস্থা ‘পিউ’ৰ প্রতিবেদনত৷

আন্তর্জাতিক সংস্থাটোৰ প্রতিবেদনত প্রকাশ পোৱা মতে, বিগত ১০ বছৰে মুছলমান জনসংখ্যা বিশ্বত ৩৪.৭ কোটি বৃদ্ধি পাইছে৷ এই বৃদ্ধি বিশ্বৰ সকলো ধর্মৰ মুঠ জনসংখ্যা বৃদ্ধিতকৈ অধিক৷ ২০১০ চনত বিশ্বত মুছলিম সম্প্রদায়ৰ জনসংখ্যা আছিল ২৩.৯ শতাংশ৷ কিন্তু ২০২০ চনত এই সংখ্যা বাঢ়ি গৈ ২৫.৬ শতাংশ হৈছে৷ লক্ষণীয় যে মুছলমান সম্প্রদায়ৰ জন্মৰ হাৰ মৃত্যুতকৈ অধিক বেছি৷ ইয়াৰ লগতে ধর্মান্তৰকৰণো জড়িত হৈ আছে যদিও ধর্মান্তৰকৰণৰ পৰিমাণ কম৷ মুছলিম জনসংখ্যা সকলোতকৈ বেছি বৃদ্ধি পাইছে এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত৷

পিউৰ প্রতিবেদন অনুসৰি, ২০৫০ চনৰ ভিতৰতে বিশ্বত মুছলিম জনসংখ্যা ২.৮ নিযুত বৃদ্ধি পাব৷ সেই হিচাপত ২০৫০ চনৰ ভিতৰতে ইণ্ডোনেছিয়াক অতিক্রম কৰি বিশ্বৰ সবাতোকৈ বেছি মুছলিম জনসংখ্যাৰ দেশ হৈ পৰিব ভাৰত৷ আনপিনে প্রতিবেদনত উল্লেখ কৰা মতে, ২০১০ চনৰ পৰা হিন্দুৰ জনসংখ্যা বৃদ্ধি পাইছে ১২ শতাংশ৷ ই হৈছে বিশ্বৰ মুঠ জনসংখ্যা বৃদ্ধিৰ প্রায় সমান৷ ২০২০ চনত বিশ্বত হিন্দুৰ জনসংখ্যা ১.২ মিলিয়ন৷ অর্থাৎ ই হৈছে বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪.৯ শতাংশ৷ আনপিনে সকলোতকৈ অধিক হিন্দু জনসংখ্যাৰ দেশ ভাৰতত হিন্দুৰ জনসংখ্যা কিছু হ্রাস পাইছে৷ প্রতিবেদন অনুসৰি, ২০১০ চনত ভাৰতত হিন্দুৰ জনসংখ্যা আছিল ৮০ শতাংশ৷ কিন্তু ২০২০ চনত হিন্দুৰ জনসংখ্যা ৭৯ শতাংশলৈ হ্রাস পাইছে৷ আনপিনে মুছলিম সম্প্রদায়ৰ জনসংখ্যা ১৪.৩ শতাংশৰ পৰা বৃদ্ধি হৈ ১৫.২ শতাংশ হৈছে৷ অর্থাৎ ১০ বছৰত ভাৰতত মুছলিম সম্প্রদায়ৰ জনসংখ্যা ৩.৫ কোটি বৃদ্ধি পাইছে৷ এই বৃদ্ধিৰ কাৰণ হৈছে জন্মৰ হাৰ মুছলিম সম্প্রদায়ৰ অধিক৷ লগত আছে ধর্মান্তৰকৰণো৷

You might also like