নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভয়াপুৰীত ৪ আইপিএল জুৱাৰীক আটক 

নিয়মীয়া বাৰ্তা, ১০ মেঃ ৰাজ্যজুৰি আইপিএল জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে কালি বঙাইগাঁৱৰ অভয়াপুৰীৰ আৰক্ষীয়ে আটক কৰে ৪টা IPL জুৱাৰীক৷ জানিব পৰা মতে আইপিএল জুৱাৰী চক্ৰ এটাই  জিলাখনৰ বিভিন্ন অঞ্চলত অবৈধ জুৱাৰ ঘাটি পাতি বিভিন্নজনক সৰ্বস্বান্ত কৰি আহিছে৷ অভয়াপুৰী আৰক্ষীয়ে গোপন খৱৰ লাভ কৰি কালি অভয়াপুৰী অঞ্চলত অভিযান চলাই জুৱাৰ সৈতে জড়িত ৰোহিত হুছেইন, গনেশ সিং আৰু ছাহজাহান আলীক আটক কৰে৷ লগতে বৰঘোলা আৰক্ষীয়ে বালাৰপেটৰ পৰা হাবিজুল ইছলাম নামৰ আন এটা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়৷ ধৃত জুৱাৰীকেইজনৰ পৰা আৰক্ষীয়ে ৭টা মোবাইল ফোন জব্দ কৰা বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত অভয়াপুৰী আৰক্ষীয়ে ২১২/২৩ আৰু ২১৩/২৩ নম্বৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক অপূৰ্ব কুমাৰ দাস
You might also like