যোৱানিশা ধুবুৰী জিলাৰ অসম-বংগ সীমান্তত ছাগলীয়া আৰক্ষীয়ে এখন ম’হভৰ্তি কন্টেইনাৰ বাহন জব্দ কৰে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত ছাগলীয়া আৰক্ষী চকীৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে। তালাচীৰ সময়ত উত্তৰ প্ৰদেশৰ পৰা বৰপেটাৰ হাউলী অভিমুখী এ এছ-২৫এফচি-৬৭৫৮ নম্বৰৰ কন্টেইনাৰ বাহনখনৰ পৰা ২৮টাকৈ ম’হ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইপিনে, তালাচী চলি থকাৰ সময়তে কন্টেইনাৰখনৰ চালকজনে পলাবলৈ চেষ্টা চলায় যদিও আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে। ধৃত চালকজন বৰপেটা জিলাৰ নিচুকা অঞ্চলৰ মুছাৰফ হক বুলি প্ৰকাশ। উল্লেখ্য যে কন্টেইনাৰখনত ইটাৰ মাজত লুকুৱাই অনা হৈছিল ম’হকেইটা।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৩ জানুৱাৰী :