নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই : ড০ হিমন্ত বিশ্ব শৰ্মা

🎯বাক্সাৰ বাৰেঙাবাৰীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই। মোদী কী গেৰেন্টী, মামা কী ৱাৰেন্টী। এসময়ত বিটিচিত গুলীৰ শব্দ শুনিছিল, এতিয়া কুলি চৰাই মাত শুনিব পাইছে। – এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। আজি বাক্সাৰ শালবাৰী তথা মানস বিধানসভা সমষ্টিৰ বাৰেঙাবাৰীৰ লাচিত এম ই স্কুল খেপথাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল তথা এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ হেলিকপ্তাৰেৰে বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় এঘাৰখনত পদুম, দুখনত হাতী আৰু এখনত ট্ৰেক্টৰত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। কোকৰাঝাৰত ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। হাগ্ৰামাৰ চৰকাৰ কবাত আছে নেকি? কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই। নাঙল চলে নেকি? ২০২৬ চনত আমি মানস বুলি ভোট দিম। আগৰ দৰে ভৱানীপুৰ বা ছাপাগুৰি বুলি ভোট নিদিওঁ। কিন্তু লোকসভাত আগতেও কোকৰাঝাৰ আছিলে এতিয়াও কোকৰাঝাৰে ভোট দিব। কোকৰাঝাৰত আমি ইউ পি পি এলক ভোট দিম। জয়ন্ত বসুমতাৰীক ভোট দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হব। বিগত দিনবোৰত আন্দোলন আছিলে, হত্যা আছিলে, হিংসা আছিলে আৰু আপোনালোকে বহুত কষ্টৰে দিনবোৰ পাৰ কৰিছিলে। কোনোবা যদি ৰাতি ঘৰলৈ আহতে দেৰি হয় মাক বাপেকে ভয় খাইছিলে কিবা গণ্ডোগোল হ’ল নেকি কবাত বোমা ফুটিল নেকি বুলি। দোকানীসকলে সন্ধিয়া সোনকালে দোকান বন্ধ কৰিছিল। চাকৰী কৰা মানুহে সোনকালে ঘৰলৈ উভতি আহে। আৰু মানুহে কষ্টৰে জীৱন যাপন কৰিছিলে। সেই আছিলে ২০১৪ চনৰ কথা। নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল। সকলোৰে লগত কথা পাতিলে। শান্তি চুক্তি হ’ল বুলি ৰাইজলৈ প্ৰশ্ন তোলে বোমা বাৰুদৰ ঘটনা হৈছে নেকি? গুলী বাৰুদৰ ঘটনা হৈছে নেকি? এসময়ত আমাৰ ৰাইজে বন্দুকৰ শব্দত গুলীৰ শব্দত ৰাতি শুবলৈ গৈছিল। আমি আজি এই বছৰত কুলি কেতেকীৰ মিঠা মাটত আমি সকলোৱে বহাগ বিহু পালন কৰিছোঁ। আজি আমাৰ অঞ্চললৈ শান্তিৰ এটা নতুন অঞ্চললৈ ৰূপান্তৰিত হৈছে। যেতিয়াৰ পৰা বিজেপিৰ চৰকাৰ হৈছে তেতিয়াৰ পৰা চাৰিওফালে শান্তি বিৰাজ কৰিছে। ৰাস্তা ঘাত স্কুল কলেজ জলজীৱনৰ পানী। আজি আমাৰ অসমখনত নতুন এটা পৰিবেশৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ দিনত আমি লুঙি, ধুতি আৰু সূতা পাইছিলোঁ। কংগ্ৰেছৰ আঁ‌চনি আছিলে ধুতি বিলাম লুঙি বিলাম সূতা বিলাম। হাগ্ৰামাৰ মহিলাৰীৰ দিনত আঁ‌চনি একো নাছিলে খালি আঁ‌চনিৰ নামত কোটি কোটি টকা লুট কৰা হৈছিল খোৱা হৈছিল। গৰিব, দুখীয়াৰ পেটৰ ভাত কাঢ়ি অনা হৈছিলে। আজি মোদী আমাক ৰেচন কাৰ্ড দিছে। মোদীয়ে ৰেচন কাৰ্ড দিয়া বাবে আমি ৫ কেজিকৈ চাউল বিনামূলীয়াকৈ পাওঁ। মোদীয়ে আমাক উজ্বলা গেছ দিছে। কংগ্ৰেছৰ দিনত ঘোচ নিদিয়াকৈ চাকৰী হৈছিল নেকি? আনকি অংগনবাদী চাকৰীৰ কাৰনেও ৫ লাখ ১০ লাখ টকা দিব লগা হৈছিল। এতিয়া মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই এক লাখ চাকৰী দিলোঁ, খালো নেকি ১ টকা? অজি আমাৰ অসমত চাকৰী পায় ঠেলাচালকৰ লৰা, ৰিস্কাচালকৰ লৰা, দুখীয়া আৰু মধ্যবিত্ত ঘৰৰ লৰাই। এতিয়া চাকৰীৰ নামত কোনেও দালালি কৰিব নোৱাৰে। এবছৰৰ ভিতৰত মই আকৌ ৫০ হাজাৰ চাকৰী দিম। কোনেও এক টকা ঘোচ দিব নালাগে। যাৰ পৰিয়ালত এটাও চাকৰি নাই সেই পৰিয়ালৰ লৰাক পৰীক্ষাত আমি ১০ নম্বৰ অতিৰিক্ত কৰি দিম। যাতে চাকৰী নথকা ঘৰত এটা হ’লেও চাকৰী পায়। মাহৰ ১০ তাৰিখে মহিলাসকলৰ একাউন্টত ১২৫০ টকা সোমায়। কিন্তু মানস সমষ্টিৰ বহু দুখীয়া পৰিয়ালৰ মহিলাই অৰুনোদয় পোৱা নাই। সকলোকে অৰুনোদয় দিম মাত্ৰ মোক ঘোচ হিচাপে নাৰিকলৰ লাড়ু আৰু মুৰিৰ লাড়ু খুৱাব লাগিব। ৰেচন কাৰ্ড থকা সকলোৱে এটা এটা অৰুনোদয় পাব মই কথা দিলোঁ। লাখপতি বাইদেউ ফৰ্মফিলাপ কৰা সকলোৱে দহ হাজাৰ টকাকৈ টুপুতকৈ বেংকৰ একাউন্টত সোমাব। ইয়াৰ বছৰত ২৫ হাজাৰকৈ টকা দিয়া হব। প্ৰধান মন্ত্ৰী গৃহ নিৰ্মানৰ আচনিৰ জৰিয়তে ১০ৰ পৰা ২০ হাজাৰকৈ টকা দিব লগা হয়। কিন্তু এইবাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে জিঅ’ট্ৰেকিং লব। যাতে কোনো দুৰ্নীতি হব নোৱাৰে। আত্মনিৰ্ভৰশীল অসম নামৰ এক আঁ‌চনিৰ জৰিয়তে দুই লাখকৈ টকা দিয়া হব। ইয়াৰে ১ লাখ ঘুৰাই দিব লাগিব আৰু এক লাখ ঘুৰাই দিব নালাগে বুলি ভাষণ প্ৰদান কৰি ৰাইজক ট্ৰেক্টৰৰ ছবীত জয়ন্ত বসুমতাৰীক ভোট দিয়াৰ আহ্বান জনায় উপস্থিত ৰাইজক। মানস সমষ্টি মই বাইকেৰে ঘুৰিম। আপোনালোকে দেখুৱাই দিব কোনটো পথ বেয়া সেইটোৰে মই যাম। ফাতেমাবাদ চাহ বাগিচাৰ সকলো সমস্যা মই সমাধান কৰিম। এইফালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মানস বিধানসভা সমষ্টোত নিৰ্বাচনী প্ৰচাৰ অভিযান চলালো ৰাইজৰ পাৰভঙা উৎসাহ আৰু ৰাইজৰ যি মনৰ আনন্দ ইয়েই পৰিয়মান কৰে যে কোকৰাঝাৰ লোকসভা আসনখনত ইউ পি পি এল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটত বিজয়ী হব । বিটিআৰৰ ৰাইজে মোক বহুত ভাল পায় । আজিৰ সভাখন যদি খাম্ফা বৰগয়াৰীয়ে চালে হেতেন বুজি পালেহেতেন ৰাইজে মোক কিমান ভাল পায়। ভূপেন বৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৰাইজক সোধক ৰাইজে কব। এইখনেই চৰকাৰ য’ত দালাল নোহোৱা হৈছে, সোদখোৰ নোহোৱা হৈছে, দুৰ্নীতি নোহোৱা হৈছে , ড্ৰাগছ বেপাৰী নোহোৱা হৈছে। ৰাইজেটো প্ৰশংসাত গদ গদ হৈ আছে। আমি ৰাইজৰ কথাহে শুনিব লাগিব । মানসৰ মূল সমস্যা হ’ল ৰাস্তা ঘাতৰ । মানসলৈ আহিম পূজাৰ আগে পিছে। ইয়াৰ যিখিনি ৰাস্তা ঘাতৰ সমস্যা আছে মই সমাধান কৰি দিম। কোকৰাঝাৰৰ জনগাঠনি চালে ৩ লাখৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিম। কোকৰাঝাৰ সমষ্টিত দুটা ৰাতি থাকিম ক’ত থাকিম প্ৰমোদ বড়োৱে জানিব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত তিনিখনত আমি জিকিম দুখনত প্ৰতিদ্বন্দ্বীতা হব বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে , আকৌ এবাৰ মোদী চৰকাৰৰ গীতৰ তালে তালে নৃত্য পৰিবেশন কৰি ভাষণ আৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণৰ আৰম্ভনিতে টম্বুৰ তলৰ পৰা বাঁ‌হ গুচাই আগুৱাই নিয়ে ৰাইজক। সভাৰ মাজতেই ৰাইজক বেৰিকেট ভাঙি আগুৱাই আহিবলৈ আহ্বান জনায় আৰু তালে তালে নৃত্য পৰিবেশন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ বিশাল জনসভাত লগতে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিটিচিপ্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস,  উৰ্খাও গৌৰা ব্ৰহ্ম, কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক ফণীধৰ তালুকদাৰ, প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, পাৰিষদ জয় মছাহাৰী, বিজেপিৰ মানসৰ সমষ্টিৰ প্ৰভাৰী ধীৰাজ দেউৰীকে ধৰি কেইগৰাকী নেতা কৰ্মী।
প্ৰেৰক লৱ কুমাৰ দাস
You might also like