নিয়মীয়া বাৰ্তা, বনগাঁও, ৩ অক্টোবৰ : নাগাৰাযোৰ লৈ লোকজনে পুৱাতেই বৰসবাহ, দিহানাম, উঠানামলৈ ওলাই যায় ৷ নাগাৰাৰ তালে তালে জীৱনৰ ছন্দ বিচাৰি ফুৰা মাজুলী ভকতিদুৱাৰৰ দেৱকান্ত খাউণ্ড এজন লোকবাদ্য সাধক ৷ জীৱনৰ ৬৭টা বসন্ত ঈশ্বৰপ্ৰদত্ত গুণ-গৰিমাৰে সুমধুৰ কন্ঠৰ গৰাকী এই লোকজনৰ ঢোলৰ চাপৰত আজিও কঁকাল ভাঙে নাচনীৰ, ব্যক্তিজনৰ দুহাতৰ যাদুত আজিও সুৰক্ষিত হৈ আছে লোকবাদ্যৰ অমিয়া সুৰ ৷
শৈশৱত প্ৰয়াত বেজীৰাম ওজাৰ তালীয়া হিচাপে লোকবাদ্যৰ সাধনাত নামি পৰা দেৱকান্তই নৃত্য, বাদ্যৰ মাজতেই সময় পাৰ কৰি মাজুলীৰ ইমূৰৰ পৰা সিমূৰলৈ লোকবাদ্যৰ বিদ্যা প্ৰচাৰ, প্ৰসাৰ কৰাৰ উপৰি অসমৰ বিভিন্ন স্থানত দিহানামত নাগাৰা, গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাত খোলবাদনৰ পৰিচালনা, বিহু পৰিৱেশনত ঢোলবাদ্য পৰিৱেশন কৰি ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হৈছিল ৷ কেৱল বাদ্যযন্ত্ৰৰ বাদক নুবুলি তেওঁক নাগাৰাৰ এজন সাধক, গৱেষক, বিচাৰক বুলি ক’লেও বঢ়াই কোৱা নহয় ৷
বহুবাৰ যোৰহাট, ডিব্ৰুগড় ৰেডিঅ’ত বাদ্যযন্ত্ৰৰ শিল্পী, দিহানামৰ শিল্পী হিচাপে সুকীয়া পৰিচয় থকা লোকজনে জীৱনৰ অধিক সময় লোকবাদ্যৰ সাধনাতেই পাৰ কৰিলে ৷ শিল্প সাধনাৰ মাজতে কৃষিকৰ্মৰে কোনোমতে পৰিয়াল পোহপাল দি অহা লোকজনৰ শুভাকাংক্ষীয়ে এতিয়া এই আজীৱন শিল্প সাধকজনে চৰকাৰৰ পৰা শিল্পী পেঞ্চনৰ দৰে সন্মান পোৱাৰ যোগ্য বুলি মত প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে আৰ্থিক অনাটনৰ মাজতো কাণে কাণ মাৰি পৰিয়াল পোহপাল দিয়াৰ সমান্তৰালকৈ আজীৱন লোকবাদ্য, লোকসংগীতৰ চৰ্চা চলোৱা এই লোকসকলৰ কৰুণ জীৱন সংগ্ৰামত চৰকাৰে কেনেধৰণে সহযোগিতা আগবঢ়ায়, সিহে এতিয়া মাজুলীবাসীৰ বাবে লক্ষণীয় বিষয় হৈ পৰিছে ৷