নিয়মীয়া বাৰ্তা, ধিং, ১৪ ডিচেম্বৰ : ছাত্ৰ-ছাত্ৰীসকলৰ একাগ্ৰতা আৰু মনৰ প্ৰবল ইচ্ছাশক্তি থাকিলে জীৱনৰ লক্ষ্যপথত উপনীত হ’বলৈ সক্ষম হয়৷। নগাঁৱৰ ধিঙত জন্মগ্ৰহণ কৰা তথা বৰ্তমানৰ নগাঁও টাউন নিৱাসী অনন্যা হাজৰিকাই নগাঁও তথা অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ “ক্লিভলেণ্ড ৰাজ্যিক বিশ্ৱবিদ্যালয়”-এ কম্পিউটাৰ আৰু ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিং বিষয়ত ডক্তৰেট ডিগ্ৰী প্ৰদান কৰিছে।
অনন্যাই ধিং খ্ৰীষ্টজ্যোতি বিদ্যালয়ত স্কুলীয়া শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত নগাঁও খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ পৰা ২০১২ বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ তিতাবৰৰ প্ৰাগজ্যোতিষ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা, শ্বিলংস্থিত নেহুৰ পৰা বি টেক আৰু ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ পৰা এম টেক ডিগ্ৰী লাভ কৰে ।
তেওঁ ২০২১ চনৰ আগষ্ট মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পূৰ্ণকালীন জলপানি লৈ “ক্লিভলেণ্ড বিশ্ৱবিদ্যালয়ত” কম্পিউটাৰ আৰু ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিঙত পি এইচ ডি কৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে। তেওঁ “কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং” বিষয়ত গৱেষণা কৰি বিশেষ পাৰদৰ্শিতা দেখুৱাৱলৈ সক্ষম হৈছে । তেওঁৰ ১৫খন উন্নত মানৰ গৱেষণা পত্ৰ আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশ পাইছে আৰু ই যথেষ্ট সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে । তদুপৰি গৱেষণা কৰি থকাৰ সময়তে আমেৰিকাৰ বষ্টনত থকা বিখ্যাত মিটচুবিচি ইলেক্ট্ৰিকেল ৰিছাৰ্ছ লেবৰেটৰী আৰু ভাৰ্জিনিয়াৰ টি-মোবাইল বহুজাতিক প্ৰতিষ্ঠান দুটাত ইন্তাৰ্নচিপ কৰিবৰ বাবেও যোগ্যতা অৰ্জন কৰিছিল। এই বছৰ ১২ ডিচেম্বৰত অনুষ্ঠিত হোৱা সমাৱৰ্তনত অনন্যা হাজৰিকাক সন্মানীয় ডক্তৰেট ডিগ্ৰী প্ৰদান কৰা হয়। তেওঁ সৰুৰে পৰাই বিদেশত অধ্যয়ন আৰু গৱেষণা কৰাৰ যি সপোন দেখিছিল, সেয়া আজি বাস্তৱত ৰূপায়িত হ’ল ।
অনন্যাৰ মাতৃ বন্তি হাজৰিকা আৰু পিতৃ তৰুণ হাজৰিকা, যিয়ে ধিঙৰ পৰা কৰ্মসূত্ৰে নগাঁও চহৰৰ খুটিকটীয়াত স্থায়ীভাৱে বসবাস কৰি আছে । অনন্যা হাজৰিকাৰ এই সফলতা আন ছাত্ৰ-ছাত্ৰীৰ বাবে আদৰ্শ হৈ ৰ’ব৷