নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ননৈপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ, নাই চাইকেল ষ্টেণ্ডো

নিয়মীয়া বাৰ্তা, টংলা, ১৪ ডিচেম্বৰ : শিক্ষাৰ আমূল পৰিৱৰ্তনৰ কথা কোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদৰ দিনত শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থাই প্ৰকৃতাৰ্থত শিক্ষা বিভাগৰ স্বৰূপটো উদঙাই দিলে। ভেৰগাঁও মহকুমাৰ অন্তৰ্গত টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন নানা সমস্যাৰে জৰ্জৰিত আৰু অভাৱ-অভিযোগেৰে পৰিপূৰ্ণ বিদ্যালয় হৈছে ননৈপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়। মানৱ সম্পদ গঢ়া শৈক্ষিক অনুষ্ঠানৰ পয়ালগা অৱস্থা দেখিলে আপোনাকো চিন্তিত কৰি তুলিব।

আধুনিক চিন্তা, প্ৰযুক্তিবিদ্যা আৰু নতুন পৃথিৱীত নতুন উদ্ভাৱনী আৱিষ্কাৰ হৈ থকা সময়ত কিন্তু মানৱ সম্পদ গঢ়া বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ৰূপ, ইয়াৰ আন্তঃগাঁথনি দেখিলে চকু কপালত উঠিব।বিদ্যালয়খনত ডিজিটেল শ্ৰেণীকোঠাতো বাদেই, ছাত্ৰ-ছাত্ৰীয়ে এক সুস্থ পৰিৱেশ, সুস্থ মানসিকতাৰে অধ্যয়নত ব্ৰতী হ’বলৈ নাই উপযুক্ত শ্ৰেণীকোঠা। শ্ৰেণীকোঠাৰ অভাৱত টিনৰ বেৰেৰে আৱৰা আৰু টিনৰ ছালিৰে অস্থায়ীভাৱে নিৰ্মাণ কৰা শ্ৰেণীকোঠাত পাঠদান কৰি আহিবলগীয়া হৈছে। ১৯৮৭ চনত প্ৰতিষ্ঠা লাভ কৰা আৰু ২০১৩ চনৰ পহিলা জানুৱাৰীত প্ৰাদেশীকৃত হোৱা ননৈপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়খনৰ মুঠ শিক্ষকৰ সংখ্যা হৈছে বৰ্তমান ১৫গৰাকী। বড়ো আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়খনত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছে তিনিগৰাকী।মুঠ ৩১৯গৰাকী ছাত্ৰ-ছাত্ৰীৰে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হ’ব। ইয়াৰে ৫১গৰাকী অসমীয়া মাধ্যমৰ আৰু ২১গৰাকী বড়ো মাধ্যমৰ।

বিদ্যালয়খনত বৰ্তমান নাই ছগৰাকীকৈ শিক্ষক। ইয়াৰে হিন্দী বিষয়ত এগৰাকী, বিজ্ঞান বিষয়ৰ ৩গৰাকী আৰু কলা শাখাৰ অসমীয়া বিষয়ৰ শিক্ষকৰ পদ খালী হৈ আছে। ছাত্ৰ -ছাত্ৰী অনুপাতে শিক্ষক নিযুক্ত নোহোৱাত বাৰুকৈয়ে ক্ষতি হৈ আহিছে বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰীসকলৰ। উন্নত পাঠদান আৰু পাঠদানৰ শৈক্ষিক যাত্ৰাত বাধাৰ সৃষ্টি হৈ আহিছে যদিও অসম চৰকাৰৰ লগতে বিটিচি কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত বিদ্যালয়খনৰ অভিভাৱক, বৌদ্ধিক সমাজ, দল-সংগঠনৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলক চিন্তিত কৰি তুলিছে।

বৃহত্তৰ অঞ্চলটোৰ গ্ৰামাঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বিদ্যালয়খনে প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা গুণোৎসৱত এ গ্ৰেড লাভ কৰি আহিছে যদিও ইয়াৰ কোনো কাৰণতে সঁহাৰি লাভ কৰা নাই বিটিচি কৰ্তৃপক্ষৰ। উল্লেখ্য যে ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণৰ হাৰ আছিল ৭৮% শতাংশ। অতি পিছপৰা আৰু একপ্ৰকাৰ দুৰ্গম অঞ্চলটোৰ বিদ্যালয়খনৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে হৈছে আদিবাসী সম্প্ৰদায়ৰ। শিক্ষকৰ জিৰণি কোঠা, প্ৰধান শিক্ষকৰ বাবে সুকীয়া কাৰ্যালয়ৰ ব্যৱস্থাও নাই।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ শইকীয়াই এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে, বিদ্যালয়খনৰ অভাৱ-অভিযোগসমূহৰ বাবে বিটিচি কৰ্তৃপক্ষৰ উপৰি ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক, স্থানীয় বিটিচিৰ প্ৰতিনিধিসকলক বাৰে বাৰে অনুৰোধ আৰু আবেদন-নিবেদন কৰি আহিছে যদিও কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই। আনকি ছাত্ৰ-ছাত্ৰী অনুপাতে ডেস্ক-বেঞ্চৰ অভাৱৰ ফলত চাৰি-পাঁচজনকৈ ছাত্ৰ-ছাত্ৰী একেখন বেঞ্চত বহি পাঠগ্ৰহণ কৰিব লগা হৈ আহিছে। আনকি বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থা নাই বুলিও প্ৰধান শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চাইকেল ষ্টেণ্ড নথকাৰ ফলত মুকলি আকাশৰ তলত ৰ’দে-বৰষুণে চাইকেলসমূহ ৰাখিবলগীয়া হোৱাত নষ্ট হৈ পৰে চাইকেলসমূহ।

You might also like