নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ৫৩সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে সূৰ্য কান্তে

নিউজ ডেস্ক, ২৪ নৱেম্বৰ : সোমবাৰে ভাৰতৰ ৫৩সংখ্য়ক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে সূৰ্য কান্তই। দেশৰ বিচাৰ ব্যৱস্থাৰ সৰ্বোচ্চ পদত প্ৰায় ১৫ মাহ কাৰ্যনিৰ্বাহ কৰিব তেওঁ। মুখ্য ন্যায়াধীশ হিচাপে হিন্দী ভাষাত শপত গ্ৰহণ কৰে সূৰ্য কান্তই । ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যসভাৰ দলনেতা জে পি নাড্ডাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বহুকেইগৰাকী মন্ত্ৰী। মুখ্য ন্যায়াধীশ হিচাপে সূৰ্য কান্তক শপত বাক্য পাঠ কৰায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

নিয়ম অনুসৰি, দেশৰ প্ৰধান বিচাৰপতিৰ অৱসৰৰ এমাহমান আগতেই পৰৱৰ্তী প্ৰধান বিচাৰপতি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হয়। সেই হিচাপত বিগত মাহতে প্ৰাক্তন প্ৰধান বিচাৰপতি বিআৰ গাভাইয়ে মুখ্য ন্যায়াধীশ হিচাপে সূৰ্য কান্তৰ নাম প্ৰেৰণ কৰিছিল। তাৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সূৰ্য কান্তক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। উল্লেখ্য যে ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে মুখ্য ন্যায়াধীশৰ পদত থাকিব সূৰ্য কান্ত। বিচাৰক হিচাপে দুই দশকৰ কৰ্মজীৱনত বিচাৰপতি সূৰ্য কান্তই অসংখ্য গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।

You might also like