নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল অধিবক্তা লাগে… স্বামী শ্যামকানুৰ বাবে আইনী সাহায্য লাগে অনিতা ডেকা মহন্তক 

ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ : স্বামী শ্যামকানু মহন্তৰ বাবে আইনী সাহায্য লাগে অনিতা ডেকা মহন্তক৷ ভাল অধিবক্তাৰ জৰিয়তে জুবিন গার্গ হত্যাকাণ্ড গোচৰৰ আইনী যুঁজ চলাবলৈ এজন অধিবক্তা বিচাৰি গুৱাহাটী উকীল সন্থাৰ ওচৰ চাপিছে অনিতা ডেকা মহন্ত৷ এই কথা প্রকাশ কৰিছে সন্থাৰ সম্পাদক, অধিবক্তা অপূর্ব শর্মাই৷

সংবাদ মাধ্যমৰ আগত অধিবক্তা অপূর্ব শর্মাই সদৰী কৰে যে শ্যামকানু মহন্তৰ হৈ আইনী যুঁজ চলাবৰ কাৰণে তেওঁৰ পত্নী অনিতা মহন্তই দহ ডিচেম্বৰত গুৱাহাটী উকীল সন্থাৰ ওচৰত এখন আবেদন কৰে৷ এই আবেদনখনৰ জৰিয়তে অনিতা ডেকা মহন্তই শ্যামকানু মহন্তৰ হৈ গোচৰ চলাবলৈ নিবিচৰা উকীল সন্থাৰ সদস্যসকলৰ লগতে সমগ্র অধিবক্তা সমাজক তেওঁলোকৰ সিদ্ধান্ত উঠাই ল’বলৈ অনুৰোধ জনায়৷ মৌখিকভাৱেও অনিতা ডেকা মহন্তই উকীল সন্থাক এই অনুৰোধ জনায়৷

অনিতা ডেকা মহন্তৰ এই অনুৰোধ সন্দৰ্ভত গুৱাহাটী উকীল সন্থাই বর্তমানলৈ সিদ্ধান্ত দিয়া নাই বুলি সদৰী কৰি অধিবক্তা অপূর্ব শর্মাই কয় যে জুবিন গার্গৰ হত্যা গোচৰৰ বিচাৰৰ ক্ষেত্রত অসমৰ অধিবক্তা সমাজে আইনী সাহায্য আগনবঢ়োৱাটো নিশ্চিত৷ এতিয়ালৈকে কোনো এজন অধিবক্তাই তেওঁক আইনী সাহায্য প্রদান কৰিবলৈ আগবাঢ়ি অহা নাই৷ অৱশ্যে সম্পাদক অপূর্ব শর্মাই এইটোও আঙুলিয়াই দিয়ে যে শ্যামকানু মহন্তই আইনী সাহায্য পোৱাৰ ক্ষেত্রত সাংবিধানিকভাৱে কোনো বাধা নাই৷ তেওঁ আইনী সাহায্য পাবই৷ এইক্ষেত্রত তেওঁলোকে আইনী সেৱা প্রাধিকৰণৰ জৰিয়তে সাহায্য পাব৷ এখন আবেদন লৈ শ্যামকানু মহন্তৰ পত্নী আহিছিল উকীল সন্থাৰ ওচৰলৈ৷ তেওঁ আমাক আহ্বান জনাইছে যে আমাৰ আইনী সাহায্য প্রদান নকৰিবলৈ জনোৱা আহ্বানটো উঠাই ল’ব লাগে৷ এইটো তেওঁলোকৰ এটা টেকটিছ হ’ব পাৰে৷ এই সৰু সৰু কথা বৰ ডাঙৰ কথা হৈ যায়৷ তেওঁ লিখিত আনিছে যে আমাৰ আহ্বানটো পুনৰ বিবেচনা কৰক৷ কাইলৈ যদি শ্যামকানু মহন্ত দোষী হয়, তেন্তে তেওঁলোকে আদালতত এখন আবেদন কৰিব পাৰে যে তেওঁ প্র’পাৰ ডিফেঞ্চ নাপালে৷ আমি ক’ব বিচাৰিছোঁ যে এই লৈ অধিবক্তাসকলে কোনো সাহায্য প্রদান নকৰে৷ যদি কৰেও কোনোবাই দুটামান টকাৰ বাবে জুবিনদাৰ লগত কম্প্রমাইজ নকৰোঁ৷

উল্লেখ্য যে জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ গোচৰ ৰুজু হোৱাৰ পিছতে গুৱাহাটী উকীল সন্থাই ৰাজ্যৰ অধিবক্তা সমাজক শিল্পীজনৰ ঘটনাত জড়িত কোনো লোককে আইনী সাহায্য প্রদান নকৰিবলৈ আহ্বান জনাইছিল৷ পৰৱর্তী সময়ত উকীল সন্থাৰ আহ্বানমর্মেই চিজেএম ক’ৰ্টত শ্যামকানু মহন্তসহ ৭গৰাকী অভিযুক্তৰ হৈ কোনো অধিবক্তাই আইনী সাহায্য প্রদান কৰা নাই৷

You might also like