কিয় চাৰি খেলুৱৈক নিলম্বন কৰিলে অসম ক্ৰিকেট সন্থাই
অসম ক্রিকেট সন্থাই আজি উক্ত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাতো গোচৰ দাখিল কৰিছে৷ অসম ক্রিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্রকাশ
ক্রিকেট খেলৰ সৈতে সম্পর্কিত দুর্নীতিৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত অসম ক্রিকেট সন্থাই চাৰিগৰাকী খেলুৱৈ ক্রমে অমিত সিন্হা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰীক তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ নিলম্বন কৰিছে৷
বিভিন্ন পর্যায়ত অসমক প্রতিনিধিত্ব কৰা উক্ত চাৰিজন খেলুৱৈয়ে ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মুস্তাক আলী ট্রফীত অংশগ্রহণ কৰা বর্তমানৰ অসম দলৰ একাংশ খেলুৱৈক প্রভাৱিত কৰা আৰু উচটনি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷
এই অভিযোগ উত্থাপন হোৱাৰ পিছতে বিচিচিআইৰ দুর্নীতিবিৰোধী আৰু নিৰাপত্তা ইউনিটে তদন্ত চলায়৷ অসম ক্রিকেট সন্থায়ো অপৰাধমূলক গোচৰৰ প্রক্রিয়া আৰম্ভ কৰে আৰু সেই অনুসৰি উল্লিখিত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৰুতৰ অনিয়ম আৰু ক্রীড়াৰ সুনাম তথা অখণ্ডতাত প্রভাৱ পেলাব পৰা অসৎ কার্যত জড়িত হোৱাৰ কথা প্রমাণিত হয়৷
পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ যিকোনো পৰিসৰ হ্রাস কৰিবলৈ খেলুৱৈসকলক নিলম্বন কৰা হৈছে৷ অসম ক্রিকেট সন্থাই আজি উক্ত চাৰিজন খেলুৱৈৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাতো গোচৰ দাখিল কৰিছে৷ অসম ক্রিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্রকাশ৷
ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ