নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০৯ বছৰত প্রথমবাৰলৈ অনুষ্ঠিত নহ’ল ‘ভাৰতীয় বিজ্ঞান কংগ্রেছ’

বিশেষ বাৰ্তা, ১৪ জানুৱাৰী : ১০৯ বছৰীয়া ইতিহাসত সৃষ্টি হ’ল নজিৰবিহীন ঘটনা৷ প্রথমবাৰলৈ অনুষ্ঠিত নহ’ল ভাৰতীয় বিজ্ঞান কংগ্রেছ৷ বিজ্ঞান মন্ত্রণালয়ে ইয়াৰ অনুমোদন নিদিয়ে৷ সংশ্লিষ্ট এই মন্ত্রণালয়ৰ বিৰুদ্ধে অভিযোগ উঠিছে যে বিজ্ঞানক উৎসাহিত কৰাৰ বিপৰীতে ‘অপবিজ্ঞান’ৰ প্রচাৰ চলোৱাৰ বাবে চলিত বর্ষত আর্থিক অনুদান বা অনুমোদন কোনোটোৱেই দিয়া নহ’ল৷ প্রতি বছৰ ৩ জানুৱাৰীৰ পৰা ৫ দিন ধৰি ভাৰতীয় বিজ্ঞান কংগ্রেছৰ অধিৱেশন হয়৷ এইবাৰ বিজ্ঞান কংগ্রেছৰ ১০৯সংখ্যক অধিৱেশন হোৱাৰ কথা আছিল৷ ২০২১ আৰু ২০২২ত ক’ভিড লকডাউনৰ বাবে এই অধিৱেশন হোৱা নাছিল৷ বিজ্ঞান মন্ত্রণালয়ৰ অনুমোদনত বিজ্ঞান কংগ্রেছৰ আয়োজন কৰে ইণ্ডিয়ান ছায়েঞ্চ কংগ্রেছ এছ’চিয়েচনে৷ এই সংস্থাটোৰ বিৰুদ্ধে একাধিক অর্থনৈতিক কেলেংকাৰিৰ অভিযোগ অনা হৈছে৷ বিজ্ঞান কংগ্রেছত সমগ্র দেশৰ তৰুণ বিজ্ঞানীসকলে গৱেষণা–পত্র দাখিল কৰাৰ সুযোগ লাভ কৰে৷ বিদেশৰ পৰাও বিজ্ঞানীসকল বিজ্ঞান কংগ্রেছলৈ আমন্ত্রিত হয়৷ এইবাৰ বিজ্ঞান কংগ্রেছ অনুষ্ঠিত নোহোৱা বিষয়টোত তীব্র ক্ষোভ প্রকাশ কৰিছে ‘ছেভ এডুকেচন কমিটী’ৰ সাধাৰণ সম্পাদক তৰুণকান্তি লস্কৰে৷ কেন্দ্রীয় চৰকাৰে ‘বিজ্ঞান ভাৰতী’ৰ আয়োজন কৰি বিভিন্ন অপবিজ্ঞানৰ গৱেষণাত উৎসাহ যোগাব বিচাৰিছে বুলিও লস্কৰে অভিযোগ কৰিছে৷ লক্ষণীয়ভাৱে বিজ্ঞান কংগ্রেছৰ বাজেট ৫ কোটি হোৱাৰ বিপৰীতে ‘বিজ্ঞান ভাৰতী’ৰ আয়োজনত কেন্দ্রীয় চৰকাৰে ২০ কোটি টকা খৰচ কৰা বুলিও অভিযোগ কৰে লস্কৰে৷

You might also like