নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান শাখা লেখিকা সমাৰোহ সমিতিৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

দুলীয়াজান শাখা লেখিকা সমাৰোহ সমিতিৰ একাদশ  দ্বি-বাৰ্ষিক অধিৱেশনখনি অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰেক্ষাগৃহত অলপতে অনুষ্ঠিত হৈ যায় । উক্ত সভাত সৰ্বসন্মতিক্ৰমে সভানেত্ৰী হিচাপে বিশিষ্ট আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলী আৰু সম্পাদিকা হিচাপে কবি তথা শিক্ষয়িত্ৰী আফৰুজা আখতাৰক দায়িত্ব প্ৰদান কৰা হয় ।

লেখিকা সমাৰোহ সমিতিৰ একাদশ দ্বি -বাৰ্ষিক অধিৱেশন উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সভানেত্ৰী বৰ্ণালী গোস্বামীয়ে আৰু স্মৃতি তৰ্পণ কৰে উপদেষ্টা মৃণালী ভূঞা বৰদলৈয়ে। ইয়াৰ পাছতে অনুষ্ঠিত প্ৰতিনিধি সভাত সম্পাদিকা বন্তি বড়াই দুবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন আৰু কোষাধ্যক্ষা নৱনীতা বৰুৱা শইকীয়াই বিত্তীয় প্ৰতিবেদন পাঠ কৰে। ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী আৰতি দেৱী শৰ্মা পৰ্যবেক্ষক হিচাপে উপস্থিত থকা প্ৰতিনিধি সভাখনতে আগন্তুক কাৰ্যকালৰ বাবে ৰিজুমণি শইকীয়া তামুলীক সভাপতি আৰু আফৰুজা আখতাৰক সম্পাদিকা হিচাপে লৈ পূৰ্ণাংগ নতুন সমিতিখন গঠন কৰা হয়।

আনহাতে, দুপৰীয়া বৰ্ণালী গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সাংস্কৃতিক সম্পাদিকা মন্দিৰা শইকীয়াৰ পৰিচালনাত ‘চিৰ চেনেহী ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা সভাত বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ড° দীপাঞ্জনা দত্ত দাসে । সদৌ অসম লেখিকা সমাৰোহ সমিতি মুখপাত্ৰ ৰেণু ফুকনে উদ্বোধন কৰা সভাত মুখ্য অতিথি হিচাপে সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভানেত্ৰী ড° ভাৰতী দত্ত, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট লেখক, সমালোচক তৃপ্তি দাস, বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ভূপেন শইকীয়া আৰু বিশিষ্ট লেখক ত্ৰিনয়ন সন্দিকৈ উপস্থিত থাকে। এই অনুষ্ঠানতে পত্ৰিকা সম্পাদিকা শিখামণি গগৈৰ দ্বাৰা সম্পাদিত দুলীয়াজান লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ “মাতৃ” উন্মোচন কৰে দুলীয়াজান সাহিত্য সভাৰ সভাপতি ড° অজিৎ শইকীয়াই।

নিয়মীয়া বাৰ্তা, দুলীয়াজান, ২৮  ডিচেম্বৰ :

You might also like