পাকিস্তান ত্যাগ হাজাৰ হাজাৰ চিকিৎসক–অভিযন্তাৰ
পাকিস্তানৰ ভৱিষ্যৎ ঘোৰ অন্ধকাৰৰ দিশে গতি কৰিছে৷ ৰাজনৈতিক অস্থিৰতা আৰু আর্থিক সংকটে জুৰুলা কৰা দেশখনত দৈনিক শ শ চিকিৎসক–অভিযন্তা আৰু একাউণ্টেণ্টে বিদেশলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে৷ শেহতীয়া এক পৰিসংখ্যাই দেশখনৰ অৰাজকতাৰ এখন ছবি পৰিস্ফুট কৰিছে৷
পৰিসংখ্যাটোত উল্লেখ কৰা মতে, বিগত ২৪ মাহত ৫০০০ চিকিৎসক, ১১ হাজাৰ অভিযন্তা আৰু ১৩ হাজাৰ একাউণ্টেণ্টে পাকিস্তান এৰি বিদেশলৈ ঢাপলি মেলিছে৷ এই পৰিসংখ্যাই শ্বাহবাজ শ্বৰীফৰ শাসনকালত পাকিস্তান কিমান ডাঙৰ সংকটৰ সন্মুখীন হৈছে তাকে পৰিস্ফুট কৰিছে৷ পাকিস্তান প্রশাসনে প্রকাশ কৰা মতে, ২০২৪ চনত ৭,২৭,৩৮১জন লোকে কাম কৰিবৰ বাবে বিদেশলৈ গৈছে৷ চলিত বর্ষৰ নৱেম্বৰলৈকে দেশখনৰ পৰা ৬,৮৭,২৪৬জন লোকে পাকিস্তান এৰিছে৷
চিন্তনীয় কথাটো এয়ে যে এই প্রব্রজন এতিয়া কেৱল মজুৰিৰ সন্ধানত উপসাগৰীয় অঞ্চললৈ যোৱা শ্রমিক বা বিদেশলৈ প্রব্রজিত ‘পেছাদাৰী ভিক্ষাৰী’ৰ মাজতে সীমাবদ্ধ হৈ থকা নাই৷ কিয়নো এতিয়া চিকিৎসক আৰু অভিযন্তাসকলেও পাকিস্তানত কাম কৰিব বিচৰা নাই৷ এই ধাৰা অব্যাহত থাকিলে পাকিস্তানৰ ভৱিষ্যৎ আৰু অধিক অন্ধকাৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷
পাকিস্তানৰ প্রাক্তন ছিনেটৰ মুস্তাফা নৱাজ খোখাৰে এক্স হেণ্ডেলত চৰকাৰৰ পদক্ষেপৰ সমালোচনা কৰি কয় যে দেশখনৰ অর্থনীতি ঠিক কৰিবলৈ আমি ৰাজনীতি ঠিক কৰিব লাগিব৷ পাকিস্তান বিশ্বৰ চতুর্থ সর্ববৃহৎ ফ্রী লাঞ্চিং হাব৷ কিন্তু ইণ্টাৰনেট বন্ধ হোৱাৰ ফলত দেশখনে ১.৬২ বিলিয়ন মার্কিন ডলাৰৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইয়াৰ ফলত ২৩.৭ মিলিয়ন ফ্রী লাঞ্চ কর্মীৰ চাকৰি হেৰোৱাৰ আশংকা কৰা হৈছে৷
একেদৰে ভাৰতৰ পৰা বৈ যোৱা দুখন নদী ঝেলাম আৰু নিলামৰ পানী যোগান হ্রাস পোৱাত আন এক সংকটৰ সন্মুখীন হৈছে পাকিস্তান৷ কিছুদিন পূর্বে পাকিস্তানে এই দুখন নৈৰ পানীৰ প্রবাহ হ্রাস পোৱা বুলি অভিযোগ কৰি ভাৰতৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল৷ এই ধাৰা অব্যাহত থাকিলে চুবুৰীয়া দেশখনৰ কৃষিকার্যতো ব্যাপক প্রভাৱ পৰিব৷ এনে অৱস্থাত আৰু অধিক সংকটে ঘেৰি ধৰিব পাকিস্তানক৷
নিউজ ডেস্ক, ২৮ ডিচেম্বৰ :