নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংক অৱ মহাৰাষ্ট্রত দেশজুৰি নিয়োগৰ বিজ্ঞাপন

🟢আবেদনৰ অন্তিম তাৰিখ ২৬ জুলাই

বেংক অৱ মহাৰাষ্ট্রত (বি’এম)ত যথেষ্টসংখ্যক কর্মচাৰী নিয়োগ কৰা হ’ব৷ দেশজুৰি এই বেংকত বহু খালী পদ আছে৷ এইমর্মে ৰাষ্ট্রীয় পর্যায়ৰ বেংকটোৰ তৰফৰ পৰা অর্হতাসম্পন্ন আৰু আগ্রহী প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷ দেশৰ বিভিন্ন ৰাজ্যত থকা বেংকৰ শাখাসমূহত প্রার্থী নিয়োগ কৰা হ’ব৷ ইতিমধ্যে পদসমূহৰ বাবে অনলাইন আবেদন প্রক্রিয়া আৰম্ভ হৈছে৷ বেংকত প্রার্থীসকল নিয়োগ কৰা হ’ব বিষয়া পদৰ ২ আৰু ৩ স্কেলত৷ দুয়োটা পদত মুঠ খালী পদৰ সংখ্যা ৪০০টা৷ অফিচাৰ স্কেল ২ পদৰ বাবে প্রার্থীসকলৰ বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ আনহাতে, স্কেল ৩ৰ পদৰ বাবে প্রার্থীসকলৰ বয়স হ’ব লাগিব ২৫ৰ পৰা ৩৮ বছৰৰ ভিতৰত৷ সংৰক্ষিত প্রার্থীসকলৰ বাবে বয়সৰ উচ্চ সীমা বৃদ্ধি অনুসৰি ৰেহাই দিয়া হ’ব৷ স্কেল ২ আৰু স্কেল ৩ পদৰ বিষয়াসকলৰ মাহিলি দৰমহা হ’ব ক্রমে ৪৮,১৭০–৬৯,৮১০ টকা আৰু ৬৩,৮৪০–৭৮,২৩০ টকা৷ ইয়াৰ লগতে থাকিব বিধি অনুসৰি পাবলগীয়া অন্যান্য সা–সুবিধা৷ দুয়োটা পদত প্রার্থী নিয়োগৰ সময়ত বেংকৰ সৈতে দুবছৰৰ বাবে এটি বণ্ডত স্বাক্ষৰ কৰিব লাগিব৷ নিয়োগৰ পিছত ছমাহ প্রবেচনত ৰখা হ’ব প্রার্থীসকলক৷ ইয়াৰ পিছত কামৰ ভিত্তিত তেওঁলোকক স্থায়িত্ব প্রদান কৰিব বেংকৰ তৰফৰ পৰা৷ দুয়োটা পদত আবেদনৰ বাবে প্রার্থীসকলে স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা যিকোনো বিষয়ত অতিকমেও ৬০ শতাংশ নম্বৰসহ স্নাতক হ’ব লাগিব৷ প্রার্থীসকলৰ জেএআইআইবি আৰু চিএআইআইবি উত্তীর্ণ হোৱাৰ প্রমাণ–পত্র থাকিলে অগ্রাধিকাৰ দিয়া হ’ব৷ যিসকলে কোনো স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা চিএ/চিএমএ/চিএফএৰ দৰে পেছাদাৰী পাঠ্যক্রম সম্পূর্ণ কৰিছে তেওঁলোকেও আবেদন জনাব পাৰিব৷ তদুপৰি, দুয়োটা পদত আবেদনৰ বাবে প্রার্থীসকলৰ নির্দিষ্ট পেছাদাৰী অভিজ্ঞতাও থাকিব লাগিব৷ পদসমূহত প্রার্থী নিয়োগ কৰা হ’ব অনলাইন পৰীক্ষা আৰু সাক্ষাৎকাৰত লাভ কৰা নম্বৰৰ ওপৰত নির্ভৰ কৰি মেধাৰ ভিত্তিত৷ অনলাইন পৰীক্ষাৰ আয়োজন কৰা হ’ব দেশৰ বিভিন্ন পৰীক্ষা কেন্দ্রত৷ আগ্রহীসকলে বেংকৰ ৱেবছাইটলৈ গৈ সমগ্র নথিসহ পদসমূহত আবেদন জনাব পাৰিব৷ আবেদনৰ বাবে সাধাৰণ/অর্থনৈতিকভাৱে অনগ্রসৰ/অ’বিচি প্রার্থীসকলে ১,১৮০ টকা আৰু সংৰক্ষিত শ্রেণীভুক্তসকলে ১১৮ টকা মাচুল জমা দিব লাগিব৷ আবেদনৰ শেষ তাৰিখ ২৬ জুলাই৷

You might also like