নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পুনৰ অতিমাৰীৰ আশংকা

ক’ৰোনা অতিমাৰীৰ সংহাৰে এতিয়াও আতংকিত কৰি ৰাখিছে বিশ্ববাসীক৷ অতিমাৰীৰ প্রভাৱত সমগ্র বিশ্বৰ অর্থনৈতিক অৱস্থালৈ নামি আহিছিল ভয়াৱহ সংকট৷ এই অতিমাৰীয়ে বিশ্বজুৰি প্রাণ কাঢ়িলে কেইবাকোটি লোকৰ৷ বিগত আঢ়ৈ বছৰ ধৰি অতিমাৰীৰ প্রভাৱত পংগু হৈ পৰা বিশ্বৰ অর্থনৈতিক পৰিস্থিতিলৈ আজিও সুস্থিৰতা ঘূৰি অহা নাই৷ আনকি সমৃদ্ধিশালী দেশসমূহতো এই অতিমাৰীয়ে সৃষ্টি কৰে এক বিশৃংখল আর্থিক পৰিস্থিতি৷ আমেৰিকা তথা ইউৰোপৰ দেশসমূহত আৰম্ভণিৰ অৱস্থাতে ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰে তাণ্ডৱ৷ ইয়াৰ ফলত বিভিন্ন দেশত বন্ধ হৈ পৰে উৎপাদন ব্যৱস্থা৷ হঠাতে জীৱিকাহীন হৈ পৰে কোটি কোটি লোক৷ বহু উদ্যোগ প্রতিষ্ঠান বন্ধ হৈ পৰে৷ আনকি, বৃহৎ বাণিজ্যিক ক্ষেত্রৰ পৰা ক্ষুদ্র ব্যৱসায়লৈকে সকলো ক্ষতিৰ সন্মুখীন হয় ক’ভিড অতিমাৰীত৷ এনে ভয়াৱহ পৰিস্থিতিৰ পুনৰাবৃত্তি নহওক বুলি বিশ্ববাসীয়ে আশা কৰিছে যদিও শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্রছ আধানম ঘেব্রিয়েছাছে পুনৰ ভয়াৱহ অতিমাৰীয়ে পৃথিৱীত সংহাৰ সৃষ্টি কৰিব বুলি সতর্কবাণী কৰিছে৷ এই অতিমাৰী ক’ভিডতকৈও ভয়াৱহ হ’ব বুলি ঘোষণা কৰিছে চিকিৎসা বিজ্ঞানী ঘেব্রিয়েছাছে৷ ৭৬সংখ্যক বিশ্ব স্বাস্থ্য সমাৱেশত অংশগ্রহণ কৰি চিকিৎসা বিজ্ঞানী ঘেব্রিয়েছাছে কয় যে পৰৱর্তী অতিমাৰীৰ বাবে এতিয়াৰে পৰা প্রস্তুত থাকিব লাগিব পৃথিৱীবাসী৷ সমাৱেশত এক প্রতিবেদন দাখিল কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে কয় যে ক’ভিডৰ সংহাৰ অন্ত পৰা বুলি ধাৰণা কৰাটো ভুল৷ ক’ভিডৰ আন এক উপ–প্রকৰণে যিকোনো মুহূর্ততে পৃথিৱীত পুনৰ তাণ্ডৱ সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ এই উপ–প্রকৰণৰ সংক্রমণৰ ফলত ৰোগী আৰু প্রাণ হেৰুওৱা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব৷ ইয়াৰ উপৰি ক’ভিডতকৈও মাৰাত্মক ভাইৰাছে যিকোনো মুহূর্তত পৃথিৱীত তাণ্ডৱ সৃষ্টি কৰিব পাৰে৷ অৱশ্যে এই মাৰাত্মক ভাইৰাছে পৃথিৱীৰ কোন প্রান্তত প্রথম সংহাৰ সৃষ্টি কৰিব, সেই সন্দর্ভত কোনো পূর্বাভাস দিয়া নাই চিকিৎসা বিজ্ঞানীগৰাকীয়ে৷ কিন্তু মাৰাত্মক ভাইৰাছৰ প্রাদুর্ভাৱ আৰু ই সৃষ্টি কৰিব পৰা সংহাৰৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰিছে ঘেব্রিয়েছাছে৷ লক্ষণীয়ভাৱে ক’ভিড অতিমাৰী শেষ হৈ যোৱা বুলি এতিয়াই বিশ্ববাসী নিশ্চিন্ত হোৱাৰ প্রয়োজন নাই বুলি মন্তব্য কৰে ঘেব্রিয়েছাছে৷ সাধাৰণ লোকক সু–স্বাস্থ্যৰ দিশটোত নজৰ দিবলৈ আৰু সাৱধানে থাকিবলৈ পৰামর্শও আগবঢ়াইছে বিজ্ঞানীগৰাকীয়ে৷

এটা শতিকা পূর্বে পৃথিৱীজুৰি সংহাৰ সৃষ্টি কৰিছিল ‘স্পেনিছ ফ্লু’ মহামাৰীয়ে৷ এই মহামাৰীৰ প্রভাৱ কেইবাটাও দশকলৈ আছিল৷ ‘স্পেনিছ ফ্লু’ৰ পিছতো কেইবাটাও মহামাৰীৰ সন্মুখীন হৈছে পৃথিৱীবাসী৷ কিন্তু স্পেনিছ ফ্লুৰ পিছত আটাইতকৈ ভয়াৱহ প্রভাৱ ক’ভিড অতিমাৰীয়ে পেলাইছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মানৱ জাতিৰ বাবে অতি ভয়ংকৰ বিপর্যয় হিচাপে চিহ্ণিত হৈছে ক’ভিড অতিমাৰী৷ পৃথিৱী গ্রহত দ্বিতীয় বিশ্বযুদ্ধয়ো ক’ভিড অতিমাৰীৰ দৰে মানৱীয় বিপর্যয় সৃষ্টি কৰিব পৰা নাছিল৷ গতিকে শতিকাটোৰ ভিতৰত ক’ভিডক এক ভয়াৱহ বিপর্যয় আখ্যা দিয়া হৈছে৷ কিন্তু ইয়াতকৈও ভয়াৱহ বিপর্যয় ভৱিষ্যতে পৃথিৱীত সৃষ্টি হ’ব বুলি চিকিৎসা বিজ্ঞানী ঘেব্রিয়েছাছে সতর্কবাণী কৰাৰ পিছতে বিষয়টোক লৈ বিশেষজ্ঞ মহলত চর্চা চলিছে৷ লক্ষণীয় বিষয়টো হৈছে, প্রতিখন দেশতে সংক্রামক ৰোগ প্রতিৰোধৰ বাবে নির্দিষ্ট বিভাগ আছে৷ প্রতিখন দেশৰ স্বাস্থ্য মন্ত্রালয়সমূহে জনসাধাৰণক সঘনে সু–স্বাস্থ্য অটুট ৰখাৰ বাবে বিভিন্ন নির্দেশ দিয়াৰ ব্যৱস্থা আছে৷ কিন্তু মাৰাত্মক ভাইৰাছৰ প্রাদুর্ভাৱ সন্দর্ভত কোনোধৰণৰ আগতীয়া সতর্ক বার্তা জনসাধাৰণক দিয়া নহয়৷ তাৰ বাবেই ভয়াৱহ বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হয় পৃথিৱী৷ ক’ৰোনা ভাইৰাছৰো উৎপত্তিস্থল এতিয়ালৈকে নিশ্চিত কৰিব পৰা নাই বিজ্ঞানীসকলে৷ চীনৰ য়ুহানৰ পৰীক্ষাগাৰৰ পৰা এই মাৰণ ভাইৰাছ পৃথিৱীজুৰি বিয়পি পৰা বুলি অভিযোগ কৰি অহা হৈছে যদিও বিশ্ব স্বাস্থ্য সংস্থায়ো সেই সন্দর্ভত কোনো প্রামাণিক তথ্য দিব পৰা নাই৷ গতিকে, বিষয়টোক লৈ এতিয়াও চলি আছে বিতর্ক৷ এতিয়ালৈকে বিশ্বত যিমান মহামাৰী তথা অতিমাৰীৰ সৃষ্টি হৈছে, তাৰ অন্তৰালত আছে মাৰাত্মক ভাইৰাছৰ সংক্রমণ৷ এই ভাইৰাছবোৰ বিভিন্ন সময়ত পৰীক্ষাগাৰত মানৱসৃষ্ট বুলিও অভিযোগ উত্থাপন হৈ আহিছে৷ গতিকে ভাইৰাছৰ উৎপত্তি বা প্রাদুর্ভাৱ সন্দর্ভত যদি বিশ্ব স্বাস্থ্য সংস্থাই আগতীয়া সতর্ক বার্তা দিবলৈ সক্ষম নহয়, তেন্তে ভয়াৱহ অতিমাৰীয়ে সৃষ্টি কৰা বিভীষিকাৰ পৰা মানৱ জাতি ৰক্ষা পৰাটো সম্ভৱ নহয়৷

You might also like