নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মৃতিশক্তি বৃদ্ধিৰ উপায়

লক্ষ্মীপ্রিয়া দত্ত

বর্তমান সময়ত প্রায় প্রত্যেকজন ব্যক্তিৰে স্মৃতিশক্তি দুর্বল হোৱা সমস্যাই দেখা দিয়ে৷ সুষম খাদ্যৰ অভাৱ আৰু অত্যধিক ব্যস্ত জীৱন শৈলীয়ে হৈছে স্মৃতিশক্তি হ্রাসৰ অন্যতম কাৰণ৷ স্মৃতিশক্তি কম হোৱাৰ ফলত এজন ব্যক্তিয়ে যিকোনো কথা খুব সোনকালে পাহৰি যোৱা পৰিলক্ষিত হয়৷অত্যধিক মানসিক শ্রমৰ ফলতো স্মৃতিশক্তি দুর্বল হ’ব পাৰে৷ স্মৃতিশক্তি অটুট ৰখা তথা বৃদ্ধি কৰাৰ কেইটামান উপায় হ’ল–

  • ব্রাহ্মীক ব্রেইন টনিক বুলিও জনা যায়৷ মগজুত স্মৰণশক্তি বৃদ্ধি আৰু স্নায়ু শক্তিশালী কৰিবৰ কাৰণে ব্রাহ্মী শাক গৰুৰ ঘিউত ভাজি দিনে এবাৰকৈ খাব লাগে৷ কেঁচা নহৰুৰ লগত চাটনি কৰিও ভাতৰ লগত খাব পাৰি৷ ব্রাহ্মী শাকৰ ৰস গাখীৰৰ লগত মিহলি কৰি খালেও যথেষ্ট উপকাৰ পোৱা যায়৷ বাহ্মী শাকত যথেষ্ট পৰিমাণে ফছফৰাছ থাকে বাবে মগজুৰ কোষৰ কাৰণে উপকাৰী৷
  • মানিমুনিক শাকৰ ৰজা বুলি কোৱা হয়৷ সৰু মানিমুনি বা ডাঙৰ মানিমুনি দুয়োবিধেই মগজু আৰু স্নায়ুৰ কাৰণে উপকাৰী৷ প্রতিদিনে মানিমুনিৰ পাত দহটাকৈ চোবাই খালে স্মৰণশক্তি আৰু স্নায়ু সবল হয়৷
  • গোমধান এটাৰ প্রায় দহ গ্রাম বীজ উলিয়াই তাক খুন্দি এগিলাচ পানীত সিজাই সপ্তাহত এদিনকৈ খালে স্মৰণশক্তি যথেষ্ট বাঢ়ে৷ গোমধানৰ বীজৰ গুডা গাখীৰৰ লগত সিজাই খালে নাইবা গোমধানৰ গুটি চোবাই খালেও স্মৰণশক্তি যথেষ্ট বৃদ্ধি হয়৷
  • সাতটা তিয়াই থোৱা বাদামৰ বাকলি এৰুৱাই চাৰিটা জালুকৰ সৈতে বটি ২৫০ মিঃলিঃ উতলা গৰম গাখীৰৰ সৈতে মিহলাই দি কিছু সময় গৰম কৰি এচামুচ ঘিউ আৰু দুচামুচ চেনি মিহলাই ঠাণ্ডা কৰি প্রতিদিনে খালে স্মৃতিশক্তি সবল হ’ব৷ ১৫ৰ পৰা ৪৯ দিনলৈ এই গাখীৰ খালে স্মৃতিশক্তি সবল হোৱাৰ উপৰি শৰীৰো শক্তিশালী হ’ব৷
  • সেউজীয়া ঘেঁহু পুলিৰ ৰস এচামুচকৈ প্রতিদিনে খালে স্মৃতিশক্তিৰ দুর্বলতা হ্রাস হয়৷ আনহাতে ধ্যানৰ অভ্যাস কৰিলেও মনৰ স্থিৰতা আৰু একাগ্রতা বৃদ্ধি হয়৷
  • ক’লা তিলৰ লগতে বগা তিলে স্মৃতিশক্তি উন্নত কৰে, মস্তিষ্কৰ দক্ষতা উন্নত কৰে৷ ই মগজুক অধিক সতর্ক আৰু একাগ্রতা শক্তি প্রদান কৰে৷ তিলত ভিটামিন কে, এ, চি, বি–৬, ই, কেলচিয়াম, মেংগানিজ, আইৰন, জিংক, এণ্টিক্সিডেণ্ট আদি উপাদানেৰে সমৃদ্ধ৷ যি মগজুৰ স্মৃতিশক্তি উন্নত কৰাৰ বাবে অতিকৈ উত্তম৷
  • স্মৃতিশক্তি ভাল ৰাখিবলৈ, হালধি প্রতিদিনে আহাৰত ৰাখিব লাগে৷ কাৰকিউমিন হালধিত পোৱা যায় যি স্মৃতিশক্তি বৃদ্ধি কৰে আৰু আলঝেইমাৰ বা ডিমেনচিয়াৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে৷ ই মগজুৰ পৰা এমাইলইড আঁতৰ কৰে, যাৰ ফলত আলঝেইমাৰ হয়৷
    অতিৰিক্ত মানসিক অৱসাদ, পাচন তন্ত্রৰ বেমেজালি, শাৰীৰিক আৰু মানসিক শক্তিৰ দুর্বলতা আদিসমূহৰ বাবেও আজিকালি প্রায় স্মৃতিশক্তি হ্রাস পোৱা দেখা যায়৷ দিনটোত অতি কমেও ১ ঘণ্টা সময় শাৰীৰিক ব্যায়াম কৰক, যাতে আপোনাৰ মানসিক দুশ্চিন্তা তথা মানসিক অশান্তি দূৰ হৈ মগজু সতেজ হৈ থাকে৷ এইসমূহ উপায় অনুসৰণ কৰিলে কিছু পৰিমাণে স্মৃতিশক্তি বৃদ্ধি পাব৷
You might also like