নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজিত কুমাৰ ভূঞাক অসমৰ বদন আখ্যা, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত চৈয়দা হামিদক গ্ৰেপ্তাৰৰ দাবী অসমীয়া যুৱ মঞ্চৰ

বিশেষ বাৰ্তা, ২৬ আগষ্ট : অজিত কুমাৰ ভূঞা অসমৰ বদন। অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াত তেওঁ উঠি-পৰি লাগিছে। আন এগৰাকী বাংলাদেশীৰ ৰক্ষক চৈয়দা হামিদক মুখ্যমন্ত্রীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত  গ্ৰেপ্তাৰ কৰক।- এই দাবী অসমীয়া যুৱ মঞ্চৰ। আজি লখিমপুৰত এই দাবী জনায় মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে।
উল্লেখ্য যে পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদৰ বক্তব্যই জুই জ্বলাইছে অসমত। অসম নাগৰিক সমাজৰ আমন্ত্রণ ক্ৰমে তেওঁ নাগৰিক সমাজৰ উদ্যোগত আয়োজিত এখন ৰাজহুৱা সভাত অসমত বাংলাদেশী থকাৰ প্ৰসংগত কৰা এক মন্তব্যই ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বিভিন্ন দল-সংগঠনে চৈয়দা হামিদৰ বক্তব্যক ধিক্কাৰ, গৰিহণা দিয়াৰ লগতে উক্ত সভাৰ আয়োজকসকলকো ককৰ্থনা কৰিছে। বিশেষকৈ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দল-সংগঠনসমূহে চূড়ান্ত ক্ষোভ প্ৰকাশ কৰে। তেওঁক বদন বুলিও অভিহিত কৰে।
অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে নগৰৰ মাজমজিয়াত আজি চৈয়দা হামিদৰ  বক্তব্যৰ বিৰোধিতা কৰি তেওঁৰ প্ৰতিকৃতি দাহ কৰে। সৰৱ হৈ পৰে চৈয়দা হামিদৰ লগতে অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে। প্ৰতিবাদত অংশ লৈ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়া দীপাংকৰ নাথ, চিৰঞ্জীৎ বৰদলৈ আদিয়ে হামিদ, ভূঞা আদিক সতৰ্ক কৰি দিয়ে। দীপাংকৰ নাথে কয়- অবৈধ বাংলাদেশী অসমৰ পৰা যাবই লাগিব। চক্রান্ত কৰিবলৈ কোনোবা মাদানী আহিব, কোনোবা চৈয়দা আহিব, এইখন তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়। এইখন অসমীয়াৰ অসম। ১৭ বাৰকৈ মোগলক পৰাস্ত কৰা অসম। এইখন অসমত বাংলাদেশী থাকিব বুলি হামিদা, মাদানীয়ে টুলুঙা মন্তব্য কৰিব, অসমবিৰোধী মন্তব্য কৰিব, সেয়া সহ্য কৰা নহ’ব। অসমখন তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়।
তেওঁ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ উজাৰি কয়- অজিত কুমাৰ ভূঞাই অসমত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ উঠি-পৰি লাগিছে। তেওঁলোকে নাগৰিক সভা পাতিছে। তেওঁলোক হৈছে অসমৰ একো একোজন বদন। বদনে যেনেকৈ মান আনি অসমখন ধ্বংস কৰিছিল, তেনেকৈ অজিত কুমাৰ ভূঞা আৰু দুজনমান সাংগোপাংগই লগ লাগি অসমৰ পৰিস্থিতি বেয়াৰ ফাললৈ লৈ গৈছে। ইয়াৰ বাবে যদি নঘটিবলগীয়া কিবা ঘটে তেন্তে তাৰ বাবে দায়ী হ’ব অজিত কুমাৰ ভূঞাৰ নিচিনা বদন আৰু নাগৰিক সমাজ। অসম আৰু অসমীয়াৰ ভৱিষ্যৎ ধ্বংসৰ পৰিকল্পনা কৰা হৈছে। উজনি অসমত আমি অজিত কুমাৰ ভূঞাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছোঁ। এইদৰে সকীয়াই দিয়ে দীপাংকৰ নাথে।

প্ৰেৰক জীৱন গোস্বামী

You might also like