নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱ কংগ্ৰেছৰ বিৰুদ্ধে গোচৰ তৰিলে বিজেপিৰ মুখপাত্ৰ কমল মেধিয়ে

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ বিৰুদ্ধে আজি এটা গোচৰ তৰিছে অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ৷ প্ৰদেশ যুৱ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ বিৰুদ্ধে আজি বজালীৰ পাটাছাৰকুছি থানাত এই গোচৰ তৰিছে কমল কুমাৰ মেধিয়ে ৷

এজাহাৰত উল্লেখ কৰা মতে, কালি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ফেচবুক পে’জত মেধিৰ বিৰুদ্ধে এটা মৰ্যাদাহানিকৰ পোষ্ট উদ্দেশ্যপ্ৰণোদিতভাবে প্ৰচাৰ  কৰা হৈছিল ৷ এটা ভুৱা স্ক্ৰীণস্বট সংযোজন কৰি কমল কুমাৰ মেধিৰ বিৰুদ্ধে অশালীন ভাষাৰে এই সন্মানহানিকৰ পোষ্টটো দিয়া হৈছিল বুলি এজাহাৰখনত উল্লেখ কৰা হৈছে৷

সেয়ে এনে ষড়যন্ত্ৰমূলক অপপ্ৰচাৰৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত যথাযথ ধাৰাত গোচৰ ৰুজু কৰিবলৈ এজাহাৰখনত আবেদন জনোৱা হৈছে ৷ এই অপৰাধমূলক অপকৰ্মৰ লগত জড়িতসকলৰ লগতে এই পোষ্ট শ্বেয়াৰ কৰা আৰু কমেণ্ট বক্সত অশালীন মন্তব্য কৰাসকলকো আইনৰ আওতালৈ আনিবলৈ মেধিয়ে এজাহাৰখনত আবেদন জনাইছে ৷

বিজেপি দলৰ এগৰাকী ৰাজ্যিক মুখপাত্ৰই প্ৰধান বিৰোধী দল কংগ্ৰেছৰ যুৱ সংগঠনৰ বিৰুদ্ধে দিয়া এই গোচৰ সম্পৰ্কত পাটাছাৰকুছি থানাৰ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় বিষয় হ’ব৷

নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি,২৬ আগষ্ট

You might also like