নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসমত বাবৰৰ শাসন অনাটোৱেই বদৰুদ্দিন আজমল–কংগ্রেছৰ লক্ষ্য’

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত দেওবাৰে নলবাৰীৰ কেন্দুকুছিৰ মুকুন্দ কাকতি স্মৃতিক্ষেত্রত অনুষ্ঠিত বিজেপিৰ বিশাল বিজয় সংকল্প সমাৱেশত অংশগ্রহণ কৰি ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আসন্ন বিধানসভা নির্বাচন জীৱন–মৰণৰ নির্বাচন বুলি অভিহিত কৰে৷ সমাৱেশখনত সমৱেত হোৱা জনতাক সম্বোধন কৰি মন্ত্রী ড০ শর্মাই কয় যে কেইদিনমান পূর্বে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে অসমত বিজেপি চৰকাৰ আহিলে মুছলমানসকলে মছজিদলৈ যাব নোৱাৰিব বুলি মন্তব্য কৰিছে৷ কিন্তু অসমত কংগ্রেছ–এ আই ইউ ডি এফৰ চৰকাৰ হ’লে হিন্দু ধর্মৰ লোকসকল মন্দিৰলৈ যাব পাৰিব নে নাই, সেই বিষয়ত তেওঁ আজমলকে প্রশ্ণ কৰে৷ কংগ্রেছৰ দিনত সত্রৰ মাটি বেদখলকে ধৰি আমাৰ মানুহক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয়– আমি পাহৰি যোৱা নাই আজিৰ পৰা ৫০০ বছৰ আগতে ভাৰতবর্ষৰ মানুহে আৰাধনা কৰা ভগৱান শ্রীৰামৰ মন্দিৰ বাবৰে ভাঙি পেলাইছিল৷ কামাখ্যা মন্দিৰত চুলতানৰ সেনাপতি কালাপাহাৰে আক্রমণ কৰিছিল৷ আধুনিক দিনত বদৰুদ্দিন আজমলৰ সৈন্যসকলে মহাপুৰুষ শংকৰদেৱৰ পৱিত্র ভূমি বটদ্রৱাৰ ওপৰত আক্রমণ চলাইছে৷ বদৰুদ্দিন আজমল, কংগ্রেছৰ ৰিপুণ বৰাক সোঁৱৰাই দি তেওঁ কয় যে বিজেপিৰ কার্যকর্তা জীয়াই থকালৈকে কংগ্রেছ–এ আই ইউ ডি এফ দিছপুৰৰ পৰা ১০০ কিলোমিটাৰ আঁতৰত থাকিব৷

তেওঁলোক দিছপুৰৰ ১০০ কিলোমিটাৰ সোমাব নোৱাৰিব৷ আসন্ন বিধানসভা নির্বাচন জীৱন–মৰণৰ নির্বাচন বুলি উল্লেখ কৰি তেওঁ আৰু কয়– বিজেপি যেতিয়ালৈ জীয়াই থাকিব, ইয়াত শংকৰ–মাধৱৰ জয়গান চলিব৷ মিঞা কবিতা, মিঞা বিদ্যালয়, মিঞা মিউজিয়াম হ’ব নিদিওঁ৷ ভাষণত তেওঁ আৰু কয় যে ২০১৬ চনত ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছতেই জাতি–মাটি–ভেটি ৰক্ষাৰ বাবে চৰকাৰখনে প্রতিটো দিন, প্রতিটো ক্ষণ ৰাইজৰ বাবে কাম কৰি আহিছে৷ অৰুণোদয়ৰ পৰা অৰুন্ধতীলৈ, স্বয়মৰ পৰা এটা এটা কল্যাণকামী আঁচনিৰে জনগণৰ বাবে কাম কৰি আহিছে৷ কংগ্রেছ চৰকাৰৰ দিনত সত্র–ভয়াৰণ্য আদিত বিদেশীয়ে থিতাপি লৈছিল৷ ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ আহিয়েই কাজিৰঙা, বটদ্রৱা আদি স্থানৰ পৰা অনুপ্রৱেশকাৰীসকল উচ্ছেদ কৰা হয়৷ বিজেপিৰ দিনত ৰাজ্যখনত জীয়ৰী–বোৱাৰীসকল সুৰক্ষিত হৈছে৷ সেইদৰে আছুক তীব্র কটাক্ষ কৰি কয় যে তেওঁলোকে ইতিমধ্যে ৰাজনৈতিক দল গঠন কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ অহাৰ সময়ত আছুৱে জোঁৰ লৈ সমদল উলিয়াইছে৷ কিন্তু ক’ভিড মহামাৰীৰ সময়ত আছুৱে এক বটল প্লাজমা দান কৰিছিল নেকি? ক’ভিড মহামাৰী আৰু লকডাউনৰ সময়ত বিজেপি কর্মীয়ে যেতিয়া মানুহৰ ঘৰে ঘৰে গৈ অন্ন–বস্ত্র যোগান ধৰিছিল, আৰোগ্য নিধিত জনসাধাৰণে এটকা হ’লেও বৰঙণি আগবঢ়াইছিল, তেতিয়া ক’ত আছিল সমুজ্জ্বল ভট্টাচার্য, লুৰিণজ্যোতি গগৈ? তেতিয়া তেওঁলোক মিউজিয়ামত আছিল নেকি? আজি তেওঁলোকে গোপনে আজমলৰ লগত মিতিৰালি কৰে৷ আজমল–কংগ্রেছ–তথ্ জাতীয় পৰিষদৰ একেটাই উদ্দেশ্য– অসমত কেনেকৈ বাবৰৰ শাসন আনিব পাৰি৷ কিন্তু বিজেপিৰ হনুমান থকালৈকে ইয়াত বাবৰ নহয়, ৰামৰ জয়গান হ’ব৷ প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী শ্বাহৰ নেতৃত্বত ইতিমধ্যে অযোধ্যাত ৰাম মন্দিৰৰ কাম আৰম্ভ হৈছে৷ সংবিধানৰ ৩৭০ ধাৰা বিলুপ্ত হৈছে৷ আসন্ন বিধানসভা নির্বাচনত ৰাজ্যত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই যোৱা ৫টা বছৰত এইমছৰ পৰা বগীবিললৈ, জাতীয় জীৱনত যি পৰিৱর্তন আহিল, সেই বিষয়ে আজিৰ সমাৱেশৰ পাছতেই প্রতিগৰাকী কার্যকর্তাকে বুথে বুথে গৈ, মানুহৰ ঘৰে ঘৰে গৈ সেই বিষয়ে প্রচাৰ কৰাৰ আহ্বান জনায়৷

You might also like