নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ছেপ্টেম্বৰত নিযুক্তি দিয়া হব ১০ হাজাৰ শিক্ষককঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে সুখবৰ। আজি নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৫,৩১৫গৰাকী শিক্ষকক নিযুক্তি দিয়া হয়। নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় য়ে ২০২১ৰ চনৰ ফেব্ৰুৱাৰী মাহলৈ ৰাজ্যৰ শিক্ষাখণ্ডত বহু শিক্ষক নিযুক্তি দিয়া হ’ব। প্ৰায় ৫০ হাজাৰ শিক্ষক নিযুক্তিৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে যো-জা চলাইছে।

আনহাতে ছেপ্টেম্বৰৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা হাইস্কুল টেটত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব। শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ লগতে কয় যে নিযুক্তি পত্ৰ পোৱাৰ পাছতে প্ৰাৰ্থীসকলে বদলিকৰণৰ বাবে আৱেদন কৰে কিন্তু প্ৰতিজন শিক্ষকে ভাৱি নাচায় তেওঁ কিমান ক্লাচ কৰিলে। নিযুক্তি পোৱাৰ আগলৈকে যতেই হওঁক চাকৰি কৰিম বুলি কৈ নিযুক্তি পত্ৰ পোৱাৰ পাছত সকলোৰে মানসিকতা সলনি হয়।

You might also like