নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশ্নকাকত ফাদিলৰ লগত শিক্ষক জড়িত থকাটো অতি দুৰ্ভাগ্যজনকঃ ৰণোজ পেগু

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২৩ত সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত ৰাজ্যজুৰি প্ৰতিবাদৰ সৃষ্টি হৈছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে শিক্ষকসকলো এনে কেলেংকাৰীৰ অংশ বুলি শুনাটো অতি দুৰ্ভাগ্যজনক।

কোনোবাই হয়তো এই সকলোবোৰ ছেবাক ধ্বংস কৰিবলৈ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। সমগ্ৰ বিষয়টোৰ সঠিক তদন্ত চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে-‘এটা ফলাফলৰ বাবে ধৈৰ্য্যৰে অপেক্ষা কৰিবলগীয়া হয়। আৰক্ষীৰ তদন্তৰ ওপৰত আমাৰ বিশ্বাস আছে। ই অতি দুৰ্ভাগ্যজনক যে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলেই এই প্ৰশ্নকাকত ফাদিলৰ অংশ হৈ আছে। যিসকল লোকৰ হাতত তথ্য আছে তেওঁলোকক আৰক্ষীৰ আগত তথ্যসমূহ জমা দিবলৈ অনুৰোধ কৰিছোঁ।’

পেগুৱে আৰু কয় যে ৰমেশ জৈনৰ অধীনত মাধ্যমিক শিক্ষা সংসদে (ছেবা)ৰ সংস্কাৰ তথা উন্নতি সাধন হৈছে।

You might also like