নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলত জড়িত ২ শিক্ষক, এজন চালকক গ্ৰেপ্তাৰ CID ৰ

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনাৰ তদন্তৰ দায়িত্ব অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)য়ে পূর্ণগতিত তদন্ত প্রক্রিয়া আগবঢ়াই নিছে। প্রশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চি আই ডিয়ে আজি দুজন শিক্ষক আৰু এজন গাড়ীচালকক মুঠ তিনিজনক গ্ৰেপ্তাৰ কৰে। ভাউৰীদেৱী ছেৰাউগী চঃ উঃমাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোঁহাই, শিক্ষক হেৰম্ব কুমাৰ দাস আৰু ছেবাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চিত্ৰ ৰয়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ইপিনে মেট্ৰিকৰ পৰীক্ষাৰ পৰা বহিষ্কৃত ছাত্ৰৰ বিস্ফোৰণ। হোৱাটছএপ গ্ৰুপত পৰীক্ষাৰ আগতেই লাভ কৰিছিল গণিতৰ হাতে লিখা প্ৰশ্নকাকত। প্ৰশ্নকাকতৰ হুবহু নকল লৈ যোৱা ছাত্ৰজনক বহিষ্কাৰ কৰি ছেবাক জনোৱা হৈছিল সমগ্ৰ তথ্য। সেই ছাত্ৰজনকো ইতিমধ্যে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

You might also like