নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ টুপামাৰীত ভূমি বিবাদৰ আক্ৰোশত ভতিজাকে কাটি তহিলং কৰিলে খুড়াকৰ তামোলৰ বাৰী

 

নিয়মীয়া বাৰ্তা,১৫ মাৰ্চ: নগৰবেৰাৰ টুপামাৰীত বুধবাৰৰ আবেলি ভতিজাকে ভুমি বিবাদ সূত্ৰেই খুড়াকৰ বাৰীৰ প্ৰায় চল্লিশ ডালকৈ তামোলৰ গছ কাটি তহিলং কৰাৰ কাণ্ডক লৈ চাঞ্চল্য বিয়পিছে অঞ্চলজুৰি | প্ৰাপ্ত তথ্য অনুসৰি দীৰ্ঘদিনৰ পৰা এডোখৰ মাটিক লৈ গাঁৱখনৰ ফজৰ আলী(খুড়া) আৰু তেওঁৰে ভতিজা ক্ৰমে- আবুশ্বামা, আজমাইন আশ্ৰফ আলী, আশ্বাফ আলী আদি দুটা পক্ষৰ মাজত চলি আহিছিল সংঘাত আৰু তাৰেই আক্ৰোশত আজি খুড়াকৰ ঘৰত কোনো নথকাৰ সুযোগতে ভতিজাক হঁতে কাটিলে বাৰীৰ প্ৰায় চল্লিশ ডালকৈ তামোলৰ গছ |এমূৰৰ পৰা কাটি তহিলং কৰিলে তামোলৰ বাৰী , প্ৰতিশোধ ল’লে খুড়াকৰ ওপৰত |

আনহাতে ফজৰ আলীৰ ডাঙৰ ছোৱালীয়ে তামোল কটা বাধা দিব যাওঁতেই দলটিয়ে হাতত দা ,জোং ,লাঠি লৈ মাৰিবলৈ চোঁচা লোৱা বুলিও উল্লেখ |ভুক্তভোগী পৰিয়ালটোৱে সম্প্ৰতি ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ |প্ৰতিশোধৰ এনে নাভূত-নাশ্ৰুত কাণ্ডক লৈ তীব্ৰ চৰ্চা চলিছে অঞ্চলজুৰি ,সকলোৱে ধিক্কাৰ দিছে এনে গৰ্হিত কাণ্ডক |

 

 

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

You might also like